Wednesday , September 23 2020
শেহতীয়া খবৰ

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ১১ জনক কোৱাৰেণ্টাইন

দৈনিক গণঅধিকাৰ, তামুলপুৰঃ কোভিড-১৯ ৰ পৰা ৰাইজক  ৰক্ষা কৰিবলৈ বাক্সা জিলাৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। ইতিমধ্যে বিহাৰৰ পাটনাৰ পৰা চিকিৎসা কৰি ঘৰলৈ আহি থকা সময়ত নাগ্ৰীজুলিৰ লাউপাৰা গাঁওৰ এটি পৰিয়ালৰ পাঁচ গৰাকী সদস্যক তামুলপুৰ আৰক্ষীয়ে ১ এপ্ৰিলত  তামুলপুৰত এম্বুলেন্স সহ ৰখাই সেইদিনাই  বাক্সা জিলা সদৰ মুছলপুৰৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে পঠাই দিয়া হৈছিল।  সেই পৰিয়ালটোক দুদিন তেওঁলোকৰ নিজৰ  ঘৰত  কোৱাৰেণ্টাইন কৰি ৰখাৰ পিছত অতি সম্প্ৰতি স্বাস্থ্য বিভাগৰ দ্বাৰা তেওঁলোকক  নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে।

ইয়াৰ উপৰিও তামুলপুৰ মহকুমাৰ শুক্লাই অঞ্চলত শ্ৰমিক হিচাপে কাম কৰি থকা উত্তৰ প্ৰদেশৰ ছয় গৰাকীকৈ শ্ৰমিককো বাক্সা জিলাৰ মুছলপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত তেওঁলোককো আজি  নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছে। নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত  স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত আজিলৈ  মুঠ ১১ গৰাকীকৈ লোকক কোৱাৰেণ্টাইন কৰা বুলি জানিব দিছে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোহৰ দাসে। আজি তামুলপুৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া তন্ময় বৰা আৰু বাক্সা জিলা যক্ষ্মা ৰোগ বিষয়া গৰাকীয়ে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় আৰু কোৱাৰেণ্টাইন কৰি ৰখা ব্যক্তি সকলৰ স্বাস্থ্যৰ বুজ লয়।

ইপিনে।নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোহৰ দাসে জানিবলৈ দিয়া মতে চিকিৎসালয় খনক কোৱাৰেণ্টাইন চিকিৎসালয় হিচাপে গঢ় দিয়া হৈছে যদিও  চিকিৎসক, নাৰ্চ আৰু চিকিৎসালয়খনৰ স্বাস্থ্য কৰ্মী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে আৱশ্যকীয় সা-সঁজুলি, এন-৯৫ মাস্ক বা চেনিটাইজাৰ সমূহ এতিয়াও উপযুক্ত পৰিমাণে যোগান ধৰা হোৱা নাই। চিকিৎসালয় খনত স্থায়ী চাফাই কৰ্মী নথকা হেতুকে সঠিক ভাৱে পৰিষ্কাৰ পৰিচন্নকৈ ৰোগী সকলক ৰখাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছে বুলিও অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰিছে। সেয়ে এই অসুবিধা খিনি দূৰ কৰাৰ ক্ষেত্ৰত উৰ্ধতন কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডাঃ দাসে অনুৰোধ জনাইছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *