Monday , September 21 2020
শেহতীয়া খবৰ

নামৰূপত , বন কৰা কিশোৰক গৰম পানী ঢালি অমানুষিক অত্যাচাৰ কৰা  চিকিৎসক  আৰু অধ্যক্ষাৰ পুওলিকা দাহ ,আছাৰ 

গণ বার্তা :, নামৰূপ, ৪ ছেপ্টেম্বৰ :  উদ্যোগ নগৰী নামৰূপত সদা – ব্যস্ত সোনাৰী তিনি আলিত আজি আছাই পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।   ২৭আগষ্টৰ নিশা বনকৰা শিশু শ্ৰমিকৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰৰ প্ৰকৃত দোষীক শীঘ্ৰে কৰায়ত্বৰ দাবীত  “আছাৰ” নাহৰকটীয়া সমিতিৰ আৰু নামৰূপ ইউনিট সমিতিয়ে ডিব্ৰুগড়ৰ চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু মৰাণ কলেজৰ অধ্যক্ষা মিতালী কোঁৱৰে নিজা আবাসত সুদীৰ্ঘ দিনে শিশু শ্ৰমিক হিচাপে ৰখা এটি কন মানি শিশুক গাত গৰম পানী ঢালি অ-মানবীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আজি নামৰূপ চিকিৎসক দেউৰী আৰু অধ্যক্ষা কোৱৰৰ পুওলিকা দাহ কৰি প্ৰতিবাদ মুখৰ হৈ পৰে আছা সদস্য সকল। সংগঠনৰ অভিযোগ মতে ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত এক গোচৰ পঞ্জীয়ন হৈছে। উক্ত কাৰ্যসূচীত  “আছা” নাহৰকটীয়া আঞ্চলিকৰ সভাপতি জিতেন ওৰাং, উপ সভাপতি পবন গড়, সাংগঠনিক সম্পাদক অমল সোনাৰ উপৰিও নামৰূপ সমিতিৰ বহতো ববীয়া উপস্থিত থাকে। তেওঁ লোকে ৰাজ্য চৰকাৰ চিকিৎসক দম্পতীহালক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *