Thursday , August 13 2020
শেহতীয়া খবৰ

নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি আনৰ জীৱন ৰক্ষা দুই ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা

ধেমাজিৰ পৰা জ্যোতি ৰাঞ্জন গগৈ , ৮ জুলাই : নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি খৰস্ৰোতা নদীত জাপ দিয়া লিলা আৰু বগাধৰ নামৰ দুজন লোকক স্থানীয় লোকৰ সম্বৰ্ধনা, উল্লেখ্য যে যোৱা ২ জুলাইত চিলাপথাৰৰ সমীপৰ গেলুৱা দলংত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা ৷ দলংৰ ৰেলিং ভাঙি নদীৰ খৰস্ৰোতা পানীত পৰিছিল চিলাপথাৰত বিয়া খাবলৈ অহা একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ লগতে গাড়ীসহ চালকজন ৷ লক্ষীমপুৰৰ লীলাবাৰীৰ টংকেশ্বৰ কলিতা, পত্নী আৰু দুই কণ্যা সহ ভাড়াতীয়া গাড়ী চালক চলন্ত আই টেন গাড়ী সহ পৰি গৈছিল গভীৰ নদীত৷ কিন্ত সৌভাগ্যক্ৰমে স্হানীয় দুগৰাকী ব্যক্তিয়ে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি খৰস্ৰোতা নদীত জাপ দি উদ্ধাৰ কৰিবলৈ সক্ষম হৈচিল টংকেশ্বৰ কলিতাৰ পত্নী আৰু কনিষ্ঠা কণ্যাক ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে গাড়ীৰ ভিতৰতে মৃত্যু ঘটিছিল টংকেশ্বৰ কলিতা আৰু আনগৰাকী কণ্যাৰ ৷ গাড়ীৰ ভিতৰৰ পৰা ওলাবলৈ সক্ষম হলেও পানীত ডুবি মৃত্যু ঘটিচিল চালক গৰাকীৰো ৷ নিজৰ জীৱনক বাজি লগাই পানীত ককবকাই থকা টংকেশ্বৰ কলিতাৰ পত্নী কণ্যাক বচাবলৈ সেইদিনা ভৰা নদীৰ বক্ষত জপিয়াই পৰিছিল দলংৰ সমীপৰ ষাঠিৰ উৰ্ধৰ বগাধৰ আলি আৰু ৰিটায়াৰ্দ সেনা জোৱান লীলা বড়া ৷ এই দুই ব্যক্তিৰ সাহসীকতাৰ বাবেই নিশ্চিত মৃত্যুৰ মুখৰ পৰা বাচি গৈছিল দুই আৰোহী ৷ এই দুই সাহসী ব্যক্তি ক্ৰমে বগাধৰ আলি আৰু লীলা বড়া এতিয়া যেন ধেমাজিৰ “হিৰ’ ” ! এই দুই ব্যক্তিৰ সাহসীকতাক সন্মান জনাবলৈ আহিছে বহুজন, তেওঁলোকৰ মুখেৰেই শুনিছে সেই অভিশপ্ত দিনটোৰ প্ৰত্যক্ষ বিৱৰণী, শুনিছে সাহসীকতাৰ কথা ৷ বুধবাৰে বগাধৰ আলি আৰু লীলা বড়াক সম্বৰ্ধনা জনাবলৈ তেওঁলোকৰ গেলুৱাস্হ বাসগৃহত উপস্থিত হৈ ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা, প্ৰযোজক নীপ কোঁৱৰ ডাঙৰীয়াই একোখন ফুলাম গামোছা আৰু শৰাইৰে সম্বৰ্ধনা জনাই তেওঁলোকৰ সাহসীকতাক সন্মান জনাই নীপ কোঁৱৰে ৷ সমাগত স্বাধীনতা দীৱসত এই দুই সাহসী ব্যক্তিক সাহসীকতাৰ বটাৰে উৎসাহিত কৰাৰ দাবীও উত্থাপন কৰিছে ধেমাজি বাসীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *