নিৰ্বাচনী সমীক্ষাক নশ্বাৎ মহাজোঁটৰ

৭২-৭৫ আসন দখল কৰি চৰকাৰ গঠন কৰাৰ দাবী ৰিপুণ বৰাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ এপ্ৰিল  : সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই ২৪ ঘণ্টাৰ পিছতেই নিশ্চিত হ’ব দিছপুৰ কাৰ। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট নে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব সেই লৈ এতিয়া সকলোৰে মুখে মুখে চৰ্চিত বিষয়। অসমত পুনৰবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি কালি কেইবাটাও সংবাদ প্ৰতিষ্ঠানে নিজাববীয়া সমীক্ষাৰ জৰিয়তে ঘোষণা কৰা নিৰ্বাচনী সমীক্ষাক লৈ এতিয়া সৰ্বত তোলপাৰ লাগিছে। নিৰ্বাচনী সমীক্ষাক লৈ মিত্ৰজোঁটৰ মাজত আনন্দৰ বন্যা বৈছে, তাৰ বিপৰীতে মহাজোঁটত দেখা গৈছে এক নিৰাশাজনক ছবি। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানৰ এই নিৰ্বাচনী সমীক্ষাই অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি ঘোষণা কৰিছে যদিও এয়া সমূলি নস্যাৎ কৰিছে মহাজোঁটে। নিৰ্বাচনী সমীক্ষাক নস্যাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে ইতিমধ্যে বিভিন্ন সময়ত ভুল প্ৰমাণিত হৈছে নিৰ্বাচনী সমীক্ষা। অধিকাংশ নিৰ্বাচনী সমীক্ষা অবিজ্ঞানসন্মত আৰু উদ্দেশ্যপ্ৰণোদিত। ৰিপুন বৰাই লগতে কয় যে এই নিৰ্বাচনী সমীক্ষা সংবাদ প্ৰতিষ্ঠানসমূহে ১০-১২ হাজাৰ লোকৰ মতামতৰ ভিত্তিত প্ৰস্তুত কৰে।
অসমৰ তিনি কোটি লোকৰ মতামত কেতিয়াও হ’ব নোৱাৰে। আনকি নিৰ্বাচনী সমীক্ষা বিভিন্ন সময়ত কাৰ্যালয়ত বহিয়ে প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰি ৰিপুন বৰাই আৰু কয় যে নিৰ্বাচনী সমীক্ষাৰ বাবে বিভিন্ন সময়ত দেখা গৈছে যে সেই লোকসকল ক্ষেত্ৰলৈ নাযায়। অৰ্থাৎ সমষ্টিসমূহত ভালদৰে সংগ্ৰহ কৰা নহয় মতামত। আনকি বহু লোকে ক’ত ভোট দিছে সেয়া ৰাজহুৱা নকৰে। সেয়ে নিৰ্বাচনী সমীক্ষা অসমৰ তিনি কোটি লোকৰ মতামত কেতিয়াও হ’ব নোৱাৰে। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৭২-৭৫খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি ৰিপুন বৰাই দাবী কৰি কয় যে ফলাফললৈ মাজত কেইঘণ্টামান বাকী। সকলো জলজল-পটপট হ’ব। ইপিনে কালি প্ৰকাশ কৰা এক্সিট প’ল ভুল প্ৰমাণিত হ’ব বুলি বিপিএফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই দাবী কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এক্সিট প’লক প্ৰতাৰক আখ্যা দিয়ে। মূলতঃ কালিৰ নিৰ্বাচনী সমীক্ষাই মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি প্ৰকাশ কৰা এক্সিট প’লক অসম জাতীয় পৰিষদেও নস্যাৎ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *