Sunday , September 20 2020
শেহতীয়া খবৰ

নুমলীগড়ত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱঃ নিশা কেইবাটাও বাসগৃহ ভাঙি তহিলং বন্যহস্তীৰঃআহত এগৰাকী মহিলা

গণ বাৰ্তা, নুমলীগড়, ৭আগষ্টঃ নুমলীগড়ত এফালে  কৰণাৰ ত্ৰাস আনফালে বন্য হস্তীৰ উপদ্ৰৱ ।এফালে যদি কোভিড 19 পজিটিভৰ হতস্পট ৰূপে পৰিগণিত হৈছে আনফালে বন্যহস্তীৰ উপদ্ৰৱৰ হতস্পটলৈ পৰিৱৰ্তন হৈছে ।নিশা হলেই এতিয়া গাঁও সমূহত উপদ্ৰৱ  চলে বন্য হস্তীৰ ।পিছে নিৰ্বিকাৰ বন বিভাগ ।উপায়ন্তৰ বন বিভাগ ।এফালে যদি নাই হাতী খেদিব পৰা উপযুক্ত সঁজুলি ,যাতায়তৰ সুবিধা আনফালে আকৌ  নাই পৰ্যাপ্ত বন কৰ্মী ।এনে সমূহ সমস্যাৰ বাবে  এতিয়া বিপদত পৰিছে ৰাইজ আৰু বন কৰ্মী সকল ।নুমলীগড় বিভিন্ন অঞ্চলৰ চাহ বাগিচাত দিনৰ ভাগত অৱস্থান কৰি নিশা হলেই খাদ্যৰ সন্ধানত বৃহৎ বন্য হস্তীৰ যাকে উপদ্ৰৱ চলাই গাঁও সমূহত ।আজি কেইবাদিন ধৰি এটা বৃহৎ বন্য হস্তীৰ জাকে  নুমলীগড়ৰ বিভিন্ন অঞ্চল মুৰফুলনী,বকিয়াল, ৰংবং, ফলঙনী আদি অঞ্চলত বাসগৃহ, খেতি পথাৰ ভাঙি তহিলং কৰি আহিছে।  বৃহস্পতি বাৰে  নিশা ফলঙনী অঞ্চলত হাতীৰ আক্ৰমণত আহত হয়  তৰাদৈ শইকীয়া নামৰ এগৰাকী মহিলা । বন্য হস্তীয়ে সম্পূৰ্ণ  ৰূপে ভাঙি তহিলং কৰে মহিলা গৰাকীৰ বাসগৃহটো। কথমপী প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ  । এনেদৰে এতিয়া দৈনিক  নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত ।

Leave a Reply

Your email address will not be published. Required fields are marked *