Monday , September 21 2020
শেহতীয়া খবৰ

নুমলীগড়ৰ কমাৰগাঁও তামুলীপথাৰত অইল ইণ্ডিয়াৰ হাস্যকৰ কাণ্ডঃসমস্যা সমাধানৰ পৰিৱৰ্তে প্লাষ্টিকৰ বাল্টিত সংগ্ৰহ কৰিছে তেল

গণবাৰ্তা, নুমলীগড় : সমস্যাই যেন লগ নেৰা হৈছে অইল ইণ্ডিয়াক। নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ তামুলীপথাৰত খাৰুৱা তেল পৰিবাহী এডাল পাইপ কিছুদিনৰ আগতে অইল ইণ্ডিয়া কতৃপক্ষই স্থাপন কৰা আৰু কৃষিপথাৰ মাজেৰে প্ৰৱাহিত পাইপ ডাল স্থাপন কৰা স্থলিত আজি তিনিদিন ধৰি খাৰুৱা তেল নিৰ্গত হৈ অঞ্চলটোৰ কৃষক সকলৰ শালিধানৰ খেতিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে অঞ্চলজুৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।আতংকিত স্থানীয় ৰাইজ তথা কৃষকক কিছু সকাহ দিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে নাভুত নাশ্ৰুত কাণ্ডৰে সৃষ্টি কৰিছে হাস্যকৰ পৰিবেশ ।সমস্যা সমাধানৰ পৰিৱৰ্তে পানীৰ পৰা তেল উঠাই ড্ৰামত ভৰাই সংগ্ৰহ কৰিছে তেল। যি সময়ত বিজ্ঞানৰ প্ৰযুক্তিৰে ভাৰত শিখৰত সেই সময়ত এটা প্লাষ্টিকৰ বাল্টিত এখন সৰু টিঙে তেল টোকাত ব্যস্ত অইল ইণ্ডিয়া। অইল ইণ্ডিয়াই বিষয়টো স্থায়ী সমাধান কৰা সলনি কৌতুক পূৰ্ণ পৰিবেশ সৃষ্টি কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় সচেতন ৰাইজ।  ( ১২ ছেপ্টেম্বৰঃ  )

Leave a Reply

Your email address will not be published. Required fields are marked *