Monday , September 21 2020
শেহতীয়া খবৰ

নেফা আলিৰ বৃহৎ বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাত।বছৰ বছৰ ধৰি যমৰ যাতনাত ভুগিছে সাপেখাতী সীমান্তবাসীৰ জনসাধাৰণে ।

গণ বাৰ্তা, সাপেখাতী:২৬জুলাই :  চৰাইদেউ জিলাৰ ১২৬ নং সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী মৌজাৰ ঐতিহাসিক ধোদৰ আলিৰ পৰা অৰুণাচল প্ৰদেশৰ কানুবাৰীলৈ সংযোগী নেফা আলি দুৰৱস্থাই সিমান্তৱৰ্তী জনসাধাৰণক বছৰ বছৰ ধৰি যমৰ যাতনা ভুগাই আহিছে যদিও কোনো এখন চৰকাৰে পথটি নিৰ্মাণৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰা নাই ‌।উল্লেখ যোগ্য যে ঐতিহাসিক ধোদৰ আলিৰ দক্ষিণে চতিয়নাগুৰি মাজগাওঁ,কানুগাওঁ ভোগবাৰী,লেকামপথাৰ, বাদুলীপাৰ,কানু চাহ বাগিছা,আদি কৰি প্ৰায় দহ-বাৰ খন গাঁৱৰ লগতে অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ জনসাধাৰণৰ মূল পথ নেফা আলি।উল্লেখযোগ্য যে পূৰ্বতে অৰুণাচল চৰকাৰে মেৰামতি কৰিছিল যদিও অৰুণাচল কানুবাৰী ৰ পৰা ৫২নং(বি) ৰাষ্ট্ৰীয় ঘাই পথ ডিব্ৰুগড়ৰ বগীবিল পৰ্যন্ত নিৰ্মাণ হৈ থকাত অৰুণাচল চৰকাৰে পথটি নিৰ্মাণ কৰা ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাত সৃষ্টি হয়।আনহাতে অৰুণাচল চৰকাৰে নিমাৰ্ণ নকৰাৰ লগতে অসম চৰকাৰৰ কোনো এখন চৰকাৰেও পথটো নিমাৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে সীমান্তবাসী জনসাধাৰণে। নেফা আলিটোৰ ওপৰতে সীমান্তবতী প্ৰায় দহ-পোন্ধৰ সহস্ৰাধিক জনসাধাৰণে ব্যৱসায়-বানিজ্য ,চিকিৎসা, স্কুল-কলেজকে ধৰি সকলো ধৰণৰ কৰ্ম কৰ্তব্য নিৰ্ভয় কৰিব লাগে।অতি গুৰুত্বপূৰ্ণ কথা অঞ্চলটোৰ কোনো ব্যক্তি কোনো ৰোগত আক্রান্ত হলে গাড়ী নোযোৱাত ৰোগীক সাঙিত তুলি এটা অংশ আনিব লাগে।উল্লেখ যোগ্য যে এটা সময়ত প্ৰায় ৭কিলোমিটাৰ দৈৰ্ঘ্যৰ নেফা আলিটি অৰুণাচল প্ৰদেশ চৰকাৰে নিজৰ সুবিধাৰ অৰ্থে নিৰ্মাণ কৰি আহিছিল যদিও এই পথটো অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ প্ৰয়োজন নোহোৱাত দীৰ্ঘদিন মেৰামতি নোহোৱাৰ ফলত সাধাৰণ ৰাইজে এতিয়া এই পথটোৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে । ৰাজ্য চৰকাৰে উন্নয়নৰ নামত বহুতো প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি মাথোঁ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । স্থানীয় ৰাইজে বিভাগীয় কৃতৃপক্ষক বাৰম্বাৰ অনুনয় বিনয় কৰি আহিছে যদিও কাণ -সাৰ বিভাগীয় কৃতৃপক্ষৰ ।চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰে উন্নয়নৰ নামত ভুৱা প্ৰতিশ্ৰুতিৰ   বাহিৰে একো নিদিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *