Thursday , August 13 2020
শেহতীয়া খবৰ

পদ্মশ্ৰী, ড০ শীলা বৰঠাকুৰৰ স্মৃতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ,  লেখিকা সমাৰোহ সমিতিৰ

নেকিব আহমেদ , যোৰহাট ২জুলাই : যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে  যোৰহাট লেখিকা সমাৰোহ (শাখা )ৰ সহযোগত আজি প্ৰীতম ভৱনত সামাজিক দুৰত্ব মানি চলি প্ৰশাসনৰ নিয়ম অনুসৰি পোন্ধৰ গৰাকী উপস্থিতিত সদৌ অসম লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক, জন্মদাত্ৰী পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ বুধবাৰে  তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনা সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ আঁত ধৰে যোৰহাট লেখিকা সমাৰোহৰ সহকাৰী সম্পাদিকা সন্ধ্যা ৰাণী বেজবৰুৱাই । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা কবিতা ৰাজগুৰুৱে শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰে। শিশু সাহিত্যিক দ্বীপিকা  বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্রী, শিক্ষাবিদবিনিতা দত্ত, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী অপৰাজিতা বৰপূজাৰী,যোৰহাট লেখিকা সমাৰোহৰ সভানেত্রী মামনি বৰুৱাকে আদি কৰি উপস্থিত প্ৰতিগৰাকীয়ে  শ্ৰদ্ধাঞ্জলি জনায়।
সৰ্বধৰ্মীয় প্ৰাৰ্থনাত শকুন্তলা দেৱীয়ে গীতা পাঠ, আৰেচা বেগমে কোৰাণ পাঠ, ইৰা মাৰাকে বাইবেল পাঠ, দীপালি গগৈ বৰুৱা, ইন্দিৰা পাও গগৈ, গায়ত্ৰী গগৈয়ে আইচিং লাও পৰিবেশন কৰে। মামনি বৰুৱা, দীপালি গগৈ বৰুৱা, গায়ত্ৰী গগৈ, ইন্দ্রাণী  গগৈয়ে ঘোষা পাঠ কৰে। দীপিকা বৰুৱা,বিনীতা দত্ত, কবিতা ৰাজগুৰু , অপৰাজিতা বৰপূজাৰী,ইন্দ্ৰাণী গগৈৰ একাষাৰত শীলা বৰঠাকুৰৰ বহুমূখী প্ৰতিভা  ,সমাজলৈ আগবঢ়োৱা অৱদান,লগ পোৱাৰ অভিজ্ঞতা আদি ৰোমন্থন কৰে ।,মামনি বৰুৱাৰ গীত পৰিবেশন, সন্ধ্যা ৰাণী বেজবৰুৱাৰ প্ৰাৰ্থনাৰে স্মৃতিচাৰণ কৰা হয়। শেষত শলাগৰ  শৰাই আগবঢ়াই যোৰহাট লেখিকা সমাৰোহৰ সহকাৰী সম্পাদিকা সন্ধ্যা ৰাণী বেজবৰুৱাই।

এই অনুষ্ঠান সামৰাৰ পিছত যোৰহাট লেখিকা সমাৰোহৰ সদস্যা , সমাজসেৱিকা, অৱসৰপ্ৰাপ্ত  শিক্ষয়িত্ৰী বন্তি অধ্যাপকৰ মৃত্যুত  সকলো সমবেত হৈ শোক প্ৰস্তুাৱ গ্ৰহণ কৰি  এক মিনিট মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *