Monday , August 10 2020
শেহতীয়া খবৰ

 পবিত্ৰ ৰমজান মাহতে ধিঙত দুই ফৈদৰ ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত, জ্বলাই দিলে মছজিদ ঘৰ

দৈনিক গণঅধিকাৰ, ধিংঃ পবিত্ৰ ৰমজান মাহ। কিন্তু এই পবিত্ৰ ৰমজান মাহটোকে অপৱিত্ৰ কৰি আহিছে একাংশ মহা পাপীয়ে। ঘটনাৰ বিৱৰণী শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। কিয়নো এই পবিত্ৰ ৰমজান মাহতেই একাংশ মহা পাপী তথা দুষ্কৃতিকাৰীয়ে ভাঙি চোৰমাৰ কৰি জ্বলাই দিলে পবিত্ৰ উপাসনাস্থলি মছজিদ ঘৰ। এই জঘন্য ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় হয় উত্তপ্ত পৰিস্থিতিৰ । ঘটনাৰ বিবৰণী অনুসৰি, নগাওঁ জিলাৰ অন্তৰ্গত ধিঙৰ শলগুৰিৰ জানপাৰত সংঘটিত হৈছে এই জঘন্য ঘটনাটো।
গাওঁখনৰ আব্দুল ৰশিদ আৰু ছফিকুল ইছলামৰ পৰিয়ালৰ মাজত বহুদিনৰ পৰা অব্যাহত আছিল মাটিৰ সীমাক লৈ সংঘাত। কিন্তু দেওবাৰে পুৱা এই সংঘাতে ধাৰণ কৰে তীব্র ৰূপ। দুই ফৈদৰ সংঘাতৰ সময়তে ছফিকুল ইছলাম ফৈদৰ একাংশ দুষ্কৃতিকাৰীয়ে ভাঙি চোৰমাৰ কৰি জ্বলাই দিয়ে পবিত্ৰ উপসনাস্থলি মছজিদ ঘৰ। অকল এয়াই নহয়, ছফিকুল ইছলাম ফৈদৰ ফৈদৰ ভয়ংকৰ আক্ৰমণৰ ফলত আব্দুল ৰছিদৰ পৰিয়ালৰ মহিলা সহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। লগে লগে সংকটজনক অৱস্থাত সকলোকে ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই প্ৰশমিত কৰিবলৈ সক্ষম হয়।
যথা সময়ত ঘটনাস্থলীত ধিং আৰক্ষী আৰু চি আৰ পি এফৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও অঞ্চলটোত বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে, পবিত্ৰ ৰমজান মাহতেই ধিঙত সংঘটিত হোৱা এটাৰ পাচত আনটো হিংসাত্মক ঘটনাৰ লগতে পবিত্ৰ উপাসনাস্থলি মছজিদ জ্বলাই দিয়া ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আব্দুল ৰশিদৰ পৰিয়ালৰ লোকে ধিং আৰক্ষী থানাত দুষ্কৃতিকাৰী সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু এই এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে ধিং আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *