Friday , September 25 2020
শেহতীয়া খবৰ

পলাশবাৰীৰ বঙৰাত প্ৰধানমন্ত্ৰী কৃষান সন্মান নীধি আঁচনিত ব্যাপক অনিয়ম

প্ৰধান শিক্ষক, বায়ু সেনা -বিএছএফৰ জোৱান, বন বিভাগৰ কৰ্মচাৰী, ৱাৰ্ড সদস্য তালিকাত অন্তৰ্ভুক্ত জিলা উপায়ুক্তক তদন্তৰ দাবীত স্মাৰক পত্ৰ

দৈনিক গণঅধিকাৰ, পলাশবাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো লক ডাউন চলি থকাৰ সময়ছোৱাত বহু কৃষকে হেজাৰ টকাৰ শাক-পাচলি পেলাই দিব লগা হোৱাৰ লগতে ফচলৰ উপযুক্ত মূল্য নাপায় হতাশাত ভূগিছে। তেনে সময়তে পঞ্চায়তে পঞ্চায়তে একাংশ দালালে ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত কৰাই চৰকাৰী আচনিৰ ধন আত্মসাৎ কৰি প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই দূৰ্ণীতি সংঘটিত হৈছে বিজেপিৰ বিধায়ক প্ৰণব কলিতাৰ ৫০ নং পলাশবাৰী বিধান সভা সমষ্টিৰ ছয়ানী মৌজাৰ অন্তৰ্গত ১০৭ নং বঙৰা পঞ্চায়তৰ লগতে সমষ্টিটোৰ একাধিক পঞ্চায়তত‌। প্ৰাপ্ত তথ্য মতে ১০৭ নং বঙৰা পঞ্চায়তত ৪৩৩ গৰাকী কৃষকৰ নাম অনলাইন যোগে প্ৰকাশ পোৱাৰ লগে লগে পোহৰলৈ আহে । য’ত ৩০ শতাংশ প্ৰকৃত কৃষকৰ পৰিবৰ্ত্তে ৭০ শতাংশই ভূৱা কৃষকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ভিতৰত ৱাৰ্ড সদস্য, ৱাৰ্ড সদস্যৰ ভাই-ককাইৰ লগতে অঙহি – বঙহিৰ নাম  বেছিভাগ অন্তৰ্ভূক্ত হৈছে।

১০৮ ৰ কৰ্মচাৰী, বি.এছ.এফত কৰ্মৰত জোৱান, বায়ুসেনাৰ চিভিলিয়ানৰ কৰ্মচাৰী, একাংশ খেতিৰ লগত জড়িত নথকা বিজেপি কৰ্মী, গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে এনে বহু ভূৱা কৃষকৰ নাম অন্তৰ্ভূক্ত হৈছে। এই সন্দৰ্ভত অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক বিকাশ কুমাৰ নাথে কামৰূপ জিলাৰ তদানীন্তন উপায়ুক্ত কমল কুমাৰ বৈশ্যক পলাশবাৰী সমষ্টিৰ ২১ টা গাওঁ পঞ্চায়ত আৰু পলাশবাৰী পৌৰসভাৰ কৃষকৰ তালিকাখন তদন্ত কৰিবৰ বাবে আবেদন জনায়। ভূৱা কৃষকৰ নাম কৰ্তন কৰি তেওঁলোকে লাভ কৰা আৰ্থিক অনুদান ঘূৰাই লবলৈও চৰকাৰক দাবী জনায়।

আনহাতে, কৃষিমন্ত্ৰী অতুল বৰাক অনুৰোধ কৰে ভূৱা কৃষকৰ সমানে সমানে কৃষক সমষ্টিৰ কৃষি বিষয়া, এ.ডি.অ, পঞ্চায়ত প্ৰতিনিধি, ৱাৰ্ড সদস্য, গাওঁবুঢ়া আৰু গ্ৰামসেৱক সকলোকো তদন্তৰ আউতালৈ আনি কঠোৰ শাস্তি বিহিবলৈ আহ্বান জয়ায়। অন্তৰ্ভুক্ত হোৱা চৰকাৰী চাকৰিয়াল হৈয়ো ভুৱা কৃষকৰ তালিকাত দুজনকৈ বি.এছ.এফৰ জোৱান, ১০৮ৰ কৰ্মচাৰী, বায়ুসেনাৰ কৰ্মচাৰী, গড়কাপ্তানি, বন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বিদ্যালয়ৰ প্ৰধান শিক্ষক, একাংশ দালাল, ভূৱা খেতিয়কৰ তালিকাত এইসকল চৰকাৰী কৰ্মচাৰীৰ নাম সন্নিবিষ্ট হৈ থকাৰ লগতে একাংশ বিজেপি কৰ্মীৰো নিজৰ আত্মীয়ৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈ আছে। এইসকল ভূৱা কৃষকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ অনুৰোধ জনায়।

আনহাতে ১০৭ নং বঙৰা পঞ্চায়তৰ অনলাইন যোগে প্ৰকাশ পোৱা তালিকা অনুসৰি কৃষকৰ ক্ৰমিক নং ক্ৰমে ২৯৩ ৰ নাৰায়ণ দাস, ২০৮ ৰ জিতু দাস , ৩৭৩ ৰ শশীন দাস , ২৮৩ ৰ ১নং ৱাৰ্ড সদস্যাৰ ঘৰৰ পৰিয়ালবৰ্গ। তালিকাৰ ক্ৰমিক নং ৬ ৰ অজিত চন্দ্ৰ নাথ ৱাৰ্ড সদস্য । সেইদৰে ক্ৰমিক নং ২৪১ৰ কৃষ্ণক কিশোৰ তালুকদাৰ ৭ নম্বৰ ৱাৰ্ডৰ সদস্য । ক্ৰমিক নং ৮৬ হিতাধিকাৰী কৃষক ব্ৰজেন তালুকদাৰ আৰু ক্ৰমিক নং ২৭১ ৰ কৃষক ৭ নম্বৰ ৱাৰ্ড সদস্যৰ ভাই ককাই। ক্ৰমিক নং ৯৪ কৃষক গৰাকী চন্দন মেধি এজন ৱাৰ্ড সদস্য। ক্ৰমিক নং ২৪০ ৰ কিৰণ দাস এগৰাকী অৱসৰপ্ৰাপ্ত গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী আৰু মিক নং ৪৫ ৰ কৃষ্ণক ভৱেশ দাস বিএছএফৰ জোৱান তথা ক্ৰমিক নং ১৯০ ৰ হিতেশ দাস বায়ু সেনাৰ কৰ্মচাৰীৰ ভাই ককাই। ক্ৰমিক নং ১১৫ ৰ কৃষ্ণক ধৰ্মেশ্বৰ নাথ এগৰাকী প্ৰধান শিক্ষক ।

আনহাতে ক্ৰমিক নং ৪১৬ ৰ তপন কুমাৰ নাথ এগৰাকী বিএছএফৰ জোৱানৰ ভাই । ক্ৰমিক নং ৩৮৬ ৰ কৃষক সৰ্বেশ্বৰ তালুকদাৰ বন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। ওপৰত উল্লেখ কৰা ক্ৰমিক নং ২৭৯, ২০৭ (জিতেন দাস),১৪১,১৯৩ ( জগদীশ দাস) ভাই ককাই তথা বিজেপি কৰ্মী। ক্ৰমিক নং২৫৩ লাচিত চৌধুৰী ১০৮ কৰ্মচাৰী। ক্ৰমিক নং ২৮৪ বিজেপি কৰ্মী বুলি জানিবলৈ দিয়ে এন. এছ.ইউ.আই সম্পাদক নাথে। আনহাতে, এই সকলো জানিও বিধায়ক প্ৰণৱ কলিতাই চকু মুদা কুলিৰ ভাও ধৰি আছে। কাৰণ ইয়াৰ আঁঁৰত তেওঁৰেই সাঙ্গো পাঙ্গো জড়িত হৈ আছে। ইয়াৰ উচিত তদন্ত হ’বনে বুলি প্ৰশ্ন তুলিছে সচেতন মহলে।#

Leave a Reply

Your email address will not be published. Required fields are marked *