শেহতীয়া খবৰ

পশ্চিমবংগত আ¥ফানৰ সংহাৰ, পশ্চিমবংগত ৭২, ওড়িশাত ২ জনৰ মৃত্যু

  • পশ্চিম অসমত মুষলধাৰ বৰষুণ,দক্ষিŽণ শালমাৰা, বঙাইগাঁৱত হাই এলাৰ্ট
  • ৩০-৪০ কিলোমিটাৰ বেগেৰে বলিব বতাহ

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ সামুদ্ৰিক ঘূৰ্ণী বতাহ আম্ফানৰ প্ৰভাৱত নিমিষতে তচ-নচ হৈ পৰিল কলকাতা। কালি বিয়লিৰ পৰা বংগোপসাগৰত সৃষ্টি হোৱা চুপাৰ চাইক্লোন আম্ফানে পশ্চিমবংগৰ উপকূলত ঠেকা খোৱাৰ পিছতে উত্তৰ পশ্চিম দিশত আগবাঢ়ে। ঘণ্টাত ১২০ কিলোমিটাৰ বেগত বলা ঘূৰ্ণী বতাহজাকে পশ্চিমবংগৰ উত্তৰ আৰু দক্ষিণ পৰগনা জিলাত বিস্তৰ ক্ষতি সাধন কৰাৰ পিছত কলকাতাৰ পিনে গতি কৰে। প্ৰৱল হাৰত বলা বতাহে নিমিষতে সকলো ধাহি-মুহি নিয়ে। বতাহ আৰু বৰষুণৰ তীব্ৰতা ইমানেই বেছি আছিল যে কলকাতাৰ অট্টালিকা আৰু সৰু বৰ বাসগৃহ কঁপি উঠে।

প্ৰতিঘণ্টাৰ ১২০ কিলোমিটাৰ বেগেৰে বলা বতাহজাকে দক্ষিণ পৰগনা জিলাত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বৃহৎ বৃহৎ গছ উভালি পেলায়। নিমিষতে বাসগৃহৰ চালি উৰুৱাই নিয়ে আম্ফানে। গছ উভালি বাসগৃহৰ ওপৰত পৰা শ শ বাসগৃহৰ ক্ষতি সাধন হয়। প্ৰৱল বাতহৰ লগতে অহা মুখলধাৰ বৰষুণে মুহূৰ্তৰ ভিতৰতে জলমগ্ন কৰি তোলে সমগ্ৰ অঞ্চল। বৃহৎ বৃহৎ গছৰ দাল উভালি ৰাজপথত পৰাৰ ফলত আৱদ্ধ হৈ পৰে গাড়ী-মটৰ। আনহাতে ৰৈ থকা বাহনসমূহতো গছৰ দাল ভাগি পৰাত হাজাৰ হাজাৰ গাড়ীৰ ক্ষতি সাধন হয়। বতাহৰ তীব্ৰতা ইমানেই বেছি আছিল যে বৃহৎ বৃহৎ ট্ৰাকো বাগৰি পৰে ৰাজপথতে। কলকাতাত কেইবাখনো ট্ৰম গাড়ী ক্ষতিগ্ৰস্ত হয় বৃহৎ বৃহৎ গছ উভালি পৰাৰ পিছত। এতিয়ালৈকে সম্পত্তি ক্ষতিৰ পৰিমাণ নিৰ্ধাৰিত কৰা হোৱা নাই যদিও পশ্চিমবংগৰ আম্ফানৰ ফলত এতিয়ালৈকে ৭২জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। আনহাতে ওড়িশাত দুজন লোক আম্ফানৰ ফলত মৃত্যু ঘটে। ইপিনে পশ্চিমবংগত হোৱা ক্ষতি-ক্ষতিৰ বাবে মমতা বেনাৰ্জীয়ে কেন্দ্ৰৰ সহায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ কৰিছে।

অকল ভাৰততেই নহয় বাংলাদেশতো আম্ফানে বিস্তৰ ক্ষতি সাধন কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে আজি পশ্চিমবংগত ধবংসলীলা চলাৰ পিছত আম্ফানৰ গতিবেগ হ্ৰাস পাইছে আৰু ইয়াৰ অভিকেন্দ্ৰ সিঁচৰতি হৈ পৰিছে। উত্তৰপূৱৰ পিনে গতি কৰাৰ ফলত আজি অসম আৰু মেঘালয়ত নেৰানেপেৰা বৰষুণ হোৱা পৰিলক্ষিত হয়। বিশেষকৈ পশ্চিম অসমৰ জিলাকেইখন আৰু বৰাকৰ কৰিমগঞ্জৰ প্ৰৱল হাৰত বৰষুণ হোৱা পৰিলক্ষিত হয়। অসমৰ গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য)ত বৰষুণ হোৱা পৰিলক্ষিত হয়।

ইয়াৰ ভিতৰত বঙাইগাঁৱ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰাত বৰষুণৰ লগতে প্ৰৱল বেগত বতাহ বলাহ পৰিলক্ষিত হয়। ইপিনে আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি আগন্তুক ১২ ঘণ্টালৈ ৰাজ্যত আম্ফানৰ প্ৰভাৱ অব্যাহত থাকিব। বিশেষকৈ পশ্চিম অসমৰ বঙাইগাঁও আৰু দক্ষিণ শালমাৰা জিলাত হাই এলাৰ্ট জাৰি কৰি ঘৰতে লোকসকলক থাকিবলৈ পৰামৰ্শ দিছে প্ৰশাসনে। আগন্তুক বাৰঘণ্টাত পশ্চিম অসমত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা হোৱাৰ লগতে বিজুলী ঢেৰেকনীৰে প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰবিজ্ঞান প্ৰতিষ্ঠানে।

Leave a Reply

Your email address will not be published. Required fields are marked *