Thursday , August 13 2020
শেহতীয়া খবৰ

পশ্চিমবংগত কোৰোনাৰ লগতে আমফানৰ সন্ত্ৰাস

নতুন দিল্লীঃ দেশত কোৰোনা সন্ত্ৰাস চলাই থকাৰ সময়তে ধুমুহা আমফানে সন্ত্ৰাস চলোৱাৰ ইংগিত দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে পশ্চিমবংগত আজি আমফানে তাণ্ডৱ সৃষ্টি কৰে। জানিব পৰা অনুসৰি আমফানে ৰাজ্যখনত প্ৰতিঘণ্টাত ৪৪ কিলোমিটাৰ বেগত বলি পশ্চিমবংগৰ ৰাইজক আতংকিত কৰি তোলে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি আমফানে প্ৰতি ঘণ্টাত দুশ কিলোমিটাৰলৈ বেগত বলাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মহা নিৰ্দেশক এম মহাপাত্ৰই প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে দেশত উক্ত ধুমুহাই ত্ৰাসৰ সৃষ্টি কৰাৰ ইংগিত পোৱা গৈছে। তেওঁ প্ৰকাশ কৰা অনুসৰি সাগৰত ১৯৯৯ চনৰ পাছত এয়া প্ৰথমবাৰলৈ দেখাৰ সম্ভাৱনা অধিক। তেওঁ প্ৰকাশ কৰা অনুসৰি ৪-৫ মিটাৰ ওখ পৰ্যন্ত উক্ত ধুমুহা দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা আছে। ২০ মে’ৰ ভিতৰত পশ্চিমবংগ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত আমফানে অধিক গতিত আহি ত্ৰাসৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ। ইতিমধ্যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৫৩টা দলক সাজু কৰি ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *