Home Popular পশ্চিমবংগত পুনৰ মমতা বেনাৰ্জীৰ চৰকাৰ

পশ্চিমবংগত পুনৰ মমতা বেনাৰ্জীৰ চৰকাৰ

164
0

১৫২-১৬৪ খন আসনেৰে শেষ হাঁহি মাৰিব টিএমচিয়ে
তামিলনাডুত ডিএমকে, পড্ডুচেৰিত এনডিএ, কেৰালাত ইউডিএফৰ চৰকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ এপ্ৰিল : পশ্চিমবংগত পুনৰায় মমতা বেনাৰ্জীৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হোৱাৰ দাবী তুলিছে বহুকেইটা সংবাদ প্ৰতিষ্ঠানে। তেওঁলোকে পশ্চিমবংগৰ ভোটাৰৰ মাজত সমীক্ষা চলাই আজি প্ৰকাশ কৰা এক্সিট প’ল অনুসৰি ৰাজ্যখনত পুনৰায় মমতা বেনাৰ্জীৰ চৰকাৰ গঠন হ’ব। তৃতীয়বাৰলৈ টিএমচিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। এইবাৰো বিজেপিয়ে পশ্চিমবংগত ক্ষমতা লাভৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া হ’ব। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ আসনক লৈ বিভিন্ন সমীক্ষা চলায় যদিও প্ৰায়সমূহ সংবাদ প্ৰতিষ্ঠানৰ এক্সিট প’ল অনুসৰি পশ্চিমবংগত মমতা বেনাৰ্জীয়ে চৰকাৰ গঠন কৰিব।
এবিপি-চি ভোটাৰ এক্সিট প’ল অনুসৰি মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ১৫২-১৬৪ খন আসন, বিজেপিয়ে ১০৯-১২১ খন, বাঁও মহাজোঁটে ১৪-২৫খন আসন দখল কৰিব। ৰিপাব্লিক টিভি-চিএনএক্সৰ এক্সিট প’ল অনুসৰি পশ্চিমবংগত টিএমচিয়ে ১২৮-১৩৮খন, বাঁও মহাজোঁটে ১০-২১খন, বিজেপিয়ে ১৩৮-১৪৮খন আসন দখল কৰিব। ৰাজ্যখনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন ১৪৮খন আসনৰ। ২৯৪খন আসনৰ ৮টা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ আজি অন্ত পৰিছে। অন্ত পৰাৰ লগে লগেই সংবাদ প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ সমীক্ষাসমূহ ৰাজহুৱা কৰিছে। সেই অনুসৰি পি-এমএআৰকিউৰ এক্সিট প’ল অনুসৰি টিএমচিয়ে ৰাজ্যখনত ১৫২-১৭২, বাঁও মহাজোঁটে ১০-২০, বিজেপিয়ে ১১২- ১৩২ খন আসন লাভ কৰিব।
আনহাতে ইটিজি ৰিছাৰ্চ অনুসৰি টিএমচিয়ে ৰাজ্যখনত ১৬৪-১৭৬খন, বাঁও মহাজোঁটে ১০-১৫, বিজেপিয়ে ১০৫-১১৫ আৰু অন্যান্যই ০-১খন আসন লাভ কৰিব। উল্লেখ্য যে কেৰালাত এলডিএফে ৭১-৭৭খন, ইউডিএফে ৬২-৬৮খন, বিজেপিয়ে ০-২খন আসন লাভ কৰিব বুলি এবিপি-চি ভোটাৰ এক্সিট প’লত এই কথা প্ৰকাশ পাইছে। আনহাতে তামিলনাডুত ডিএমকেয়ে ১৬০-১৭২খন, এআইএডিএমকেয়ে ৫৮-৭০খন, অন্যান্যই ০-৭খন আসন লাভ কৰিব। তাৰ বিপৰীতে পুডুচেৰীত এনডিএয়ে ১৯-২৩খন, ইউপিএয়ে ৬-১০খন আৰু অন্যান্যই ১-২খন আসন লাভ কৰিব।
পুডুচেৰীত চৰকাৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত হৈছে। ইয়াৰ পূৰ্বে পুডুচেৰীত কংগ্ৰেছৰ চৰকাৰ আছিল। কিন্তু নিৰ্বাচনৰ পূৰ্বে চৰকাৰ ভংগ হোৱাত ৰাজ্যপালৰ শাসন বলৱৎ হৈছিল। ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট প’ল অনুসৰি তামিলনাডুত এআইএডিএমকেয়ে চৰকাৰ গঠন হোৱাৰ নিশ্চিত প্ৰকাশ কৰিছে। আনহাতে কেৰালাত পুনৰায় বাঁও দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত কৰিছে। টিভি-৯ ভাৰতবৰ্ষৰ এক্সিট প’ল অনুসৰি পুডুচেৰীত বিজেপি চৰকাৰ গঠন হ’ব। বিজেপিয়ে ১৭- ১৯খন আসন লাভ কৰাৰ বিপৰীতে ইউপিএয়ে ১১-১৩খন আসন লাভ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here