পশ্চিমবংগত হেট্ৰিক মমতা বেনাৰ্জীৰ : আসন বৃদ্ধি, ক্ষমতাৰ পৰা দূৰত বিজেপি

নন্দীগ্ৰামত প্ৰৱল প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে মুখ্যমন্ত্ৰীৰ পৰাজয়, বিজেপিক গ্ৰহণ নকৰিলে পশ্চিমবংগৰ জনগণে

কলকাতা, ২ মে’:   পশ্চিমবংগত হেট্‌ট্ৰিক জয় তৃণমূল কংগ্ৰেছৰ। মমতা বেনাৰ্জীৰ চৰকাৰ তৃতীয়বাৰলৈ গঠন হ’বলৈ গৈ আছে পশ্চিমবংগত। আজি চাৰিখন ৰাজ্যৰ লগতে এখন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পিছতেই জলজল-পটপটকৈ স্পষ্ট হৈ পৰিল যে তৃতীয়বাৰলৈ মমতাৰ চৰকাৰ গঠন হ’ব পশ্চিমবংগত। মমতা বেনাৰ্জীৰ চৰকাৰ ওফৰাবলৈ বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ মোদী চৰকাৰে বৃহৎ প্ৰচেষ্টা চলাইছিল যদিও পশ্চিমবংগৰ জনগণে সেয়া গ্ৰহণনকৰিলে। বিজেপিৰ আসনৰ সংখ্যা পশ্চিমবংগত বৃদ্ধি পালে যদিও ক্ষমতা লাভৰ পৰা বহু দূৰত থাকি ৰ’ল এনডিএ। আশংকা কৰা হৈছিল যে এইবাৰৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপি আৰু টিএমচিৰ মাজত। কিন্তু ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে স্পষ্ট হৈ পৰিল যে পশ্চিমবংগত কেৱল তৃণমূল কংগ্ৰেছৰ শাসন বৰ্তি থাকিব। তাত আন কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকিব। পশ্চিমবংগৰ জনগণে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহক এই কথা পুনৰ এবাৰ সকীয়াই দিলে। অৰ্থাৎ পশ্চিমবংগ মানে মমতা দিদি আৰু মমতা দিদি মানেই পশ্চিমবংগ। মমতা বেনাৰ্জীৰ টিএমচি চৰকাৰ ওফৰাবলৈ মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ উপৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বহু নেতাই জোৰদাৰ প্ৰচাৰ অভিযান চলাইছিল যদিও ৰাজ্যখনৰ জনগণে বিজেপিক আঁকোৱালি ল’বলৈ নিবিচাৰিলে।

বিজেপিৰ লহৰৰ প্ৰভাৱ দেখা পোৱা নগ’ল পশ্চিমবংগত। বাতৰি লিখাৰ সময়লৈ পশ্চিমবংগৰ ২৯২খন বিধানসভা আসনৰ টিএমচি ২১৭খনত অগ্ৰগতিত থকাৰ বিপৰীতে বিজেপি ৭২খন, কংগ্ৰেছ আৰু চিপিএম দুখন আসনৰ অগ্ৰগতিত থাকে। বিগত বিধানসভা নিৰ্বাচনত টিএমচিয়ে ২১১খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৩খন, কংগ্ৰেছে ৪৪ আৰু চিপিএমে ২৬খন আসন লাভ কৰিছিল। পশ্চিমবংগত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন ১৪৮খন আসনৰ। সেই অনুসৰি পুনৰ এবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে তৃণমূল কংগ্ৰেছে। কিন্তু ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ তুলনাত পশ্চিমবংগত বহুকেইখন আসন লাভ কৰিছে বিজেপিয়ে। যাৰ বাবে বিজেপিৰ মনোবল বৃদ্ধি পাইছে পশ্চিমবংগত। ২০১৯ৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই মোদী চৰকাৰৰ মনোবল বৃদ্ধি পাইছিল পশ্চিমবংগক লৈ। ২০১৯ৰ ফলাফলৰ ওপৰত কেন্দ্ৰ কৰিয়ে পশ্চিমবংগত এইবাৰৰ বিধানসভা নিৰ্বাচনত মমতা চৰকাৰক ওফৰাবলৈ জোৰদাৰ প্ৰচেষ্টা চলাইছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএয়ে। আঠটা পৰ্যায়ত অনুষ্ঠিত পশ্চিমবংগৰ এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেইবাখনো নিৰ্বাচনী সভা সম্বোধন কৰিছিল। তেওঁ নিৰ্বাচনী সভাত বৃহৎ লোকৰ সমাগম দেখা পোৱা গৈছিল। কিন্তু আশা কৰা অনুসৰি বিজেপিয়ে পশ্চিমবংগৰ ফলাফল দেখুৱাব নোৱাৰিলে।

অৱশেষত মমতা বেনাৰ্জীৰ ওচৰত হাৰ মানিবলৈ পুনৰ এবাৰ বাধ্য হ’ল মোদী চৰকাৰ। উল্লেখ্য যে এইবাৰৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল নন্দীগ্ৰাম বিধানসভা সমষ্টি। এই বিধানসভা সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁৰেই একালৰ সতীৰ্থ সুভেন্দু অধিকাৰীয়ে। এই দুগৰাকীৰ মাজত ভোটগণনা আৰম্ভ হোৱাৰে পৰাই তুমুল প্ৰতিদ্বন্দ্বিতা দেখা পোৱা যায়। প্ৰথম পৰ্যায়ত বিজেপিৰ প্ৰাৰ্থীগৰাকী মমতা বেনাৰ্জীতকৈ বহু ভোটৰ অগ্ৰগতিত থাকে যদিও পৰৱৰ্তী পৰ্যায়ত মমতা বেনাৰ্জী তেওঁতকৈ অগ্ৰগতিত থাকে। সন্ধিয়াৰ পৰলৈ খবৰ পোৱা যায় যে মমতা বেনাৰ্জীয়ে এই সমষ্টিটোত ১,২০০টা ভোটত জয়লাভ কৰিছে, কিন্তু পিছত তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা হয় যে সমষ্টিটোৰ ভোটগণনা সম্পন্ন হোৱা নাই আৰু আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সেইবাবে এই সমষ্টিটোত বহু সময়লৈ উৎকণ্ঠা বৰ্তি থাকে। কোনে সমষ্টিটোত জয়লাভ কৰিব তাক লৈ সকলোৰে মাজত এক উৎকণ্ঠা বৰ্তি থাকে। কিয়নো নিৰ্বাচন আৰম্ভ হোৱাৰে পৰাই এই সমষ্টিটোৱে মূল কেন্দ্ৰবিন্দু হৈ আছিল। মমতা বেনাৰ্জীক এই সমষ্টিটোত পৰাস্ত কৰিবলৈ বিজেপিয়ে সকলো ধৰণৰ চেষ্টা চলাইছিল। বিজেপিৰ ওচৰত হাৰ মানিব বিচৰা নাছিল মমতা বেনাৰ্জীয়েও। হুইল চেয়াৰত বহি সমষ্টিটোৰ ভোটাৰৰ মাজত সোমাই পৰাৰ চেষ্টা চলাইছিল মমতা বেনাৰ্জীয়ে। ইমানেই নহয়, সমষ্টিটোত কিছুদিনলৈ বাহৰ পাতিও ৰ’বলগীয়া হৈছিল। যিকোনো প্ৰকাৰে সমষ্টিটো ৰক্ষা কৰাৰ লক্ষ্য আছিল মমতা বেনাৰ্জীৰ। কিন্তু এইক্ষেত্ৰত মমতা বেনাৰ্জী সফল হ’ব নোৱাৰিলে। তেওঁ একালৰ সতীৰ্থ সুভেন্দু অধিকাৰীৰ হাতত পৰাস্ত হ’বলগীয়া হয়। ইয়াৰ পিছতেই মমতা বেনাৰ্জীয়ে কয় যে সংবাদমেল সম্বোধন কৰি কয় যে নন্দীগ্ৰামক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। নন্দীগ্ৰামৰ ভোটাৰ ৰাইজে দিয়া ৰায়ক মই আন্তৰিকতাৰে গ্ৰহণ কৰিছো। ইয়াৰ উপৰি তেওঁ কয় যে পশ্চিমবংগৰ জনগণে তৃণমূল কংগ্ৰেছক আকৌ এবাৰ জয়ী কৰাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাইছো।

ইয়াৰ উপৰি তেওঁ কয় যে শীঘ্ৰেই ক’ভিড-১৯ৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰিম। ক’ভিড ১৯ৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শপত গ্ৰহণৰ অনুষ্ঠান সাধাৰণভাৱে আয়োজন কৰা হ’ব। কোৰোনা মহামাৰীৰ প্ৰকোপ শেষ হোৱাৰ পিছত পশ্চিমবংগত বিশাল সভাৰ আয়োজন কৰা হ’ব বুলিও উল্লেখ কৰে মমতা বেনাৰ্জীয়ে। উল্লেখ্য যে পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতেই ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ ধৰে। বিজেপিয়ে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ কাৰ্যালয়ত টিএমচিৰ কাৰ্যকৰ্তাই অগ্নি সংযোগ কৰিছে। আনফালে মমতা বেনাৰ্জীয়ে এই জয়ৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, সমাজবাদী পাৰ্টীৰ প্ৰমুখ অখিলেশ যাদৱ, পিডিপিৰ প্ৰমুখ মেহবুবা মুফতী, কংগ্ৰেছে তেওঁক অভিনন্দন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *