Thursday , August 13 2020
শেহতীয়া খবৰ

পশ্চিমবংগৰ ব্যক্তিগত কোম্পানীয়ে ১ কোটি কোৰোনা টেষ্ট কিট তৈয়াৰ কৰাৰ দাবী

দৈনিক গণঅধিকাৰঃ পশ্চিমবংগৰ দক্ষিণ ২৪ প্ৰান্তৰ পৰগনা জিলাস্থিত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ১ কোটি কোৰোনা টেষ্ট কিট তৈয়াৰ কৰাৰ দাবী কৰিছে। জিচিচি বায়তেক ইণ্ডিয়া নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৱে কোৰোনা পৰীক্ষণৰ বাবে ১ কোটি ৰিয়েল টাইম টেষ্ট কিট তৈয়াৰ কৰাৰ দাবী কৰিছে।

কোম্পানীটোৰ এমডি ৰাজা মজুমদাৰে প্ৰকাশ কৰা অনুসাৰে তেওঁলোকে ১ কোটি কোৰোনা টেষ্ট কিট তৈয়াৰ কৰা কাৰ্য সম্পন্ন কৰিছে। প্ৰতিদিনে ৩লাখ¸ টেষ্ট কিট তৈয়াৰ কৰাৰ সক্ষম তেওঁলোকৰ কোম্পানীটো। লগতে এই কথাও প্ৰকাশ কৰিছে যে এটা টেষ্ট কিটৰ মূল্য ৫০০টকা হ’ব।

এই ৫০০ টকা মূল্যৰ টেষ্ট কিটৰ কোৰোনাৰ লক্ষণৰ ফলাফল ৯০ মিনিটৰ ভিতৰত ব্যক্তিজনে লাভ কৰিব পাৰিব। ইতিমধ্যে এই কোম্পানীটোৱে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ পৰা টেষ্ট কিট তৈয়াৰৰ স্বীকৃতি ১ মে’ত লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *