শেহতীয়া খবৰ

পহুমৰা নৈৰ পানীয়ে ডুবালে বাগোদী অঞ্চলৰ শ শ বিঘা ইৰি খেতি।

দৈনিক গণঅধিকাৰ, ভেল্লাঃ বছৰৰ প্ৰথমটো বানত বুৰ গল বৰপেটাৰ হেজাৰ হেজাৰ বিঘা ইৰি খেতি। ন খন্দা বাঢ়নী পানীৰ ফলত পলাশৰতল, তাঁতিকুছি, ভেৰালদি আদি অঞ্চলৰ কেইবা শ বিঘা ইৰি খেতি বুৰ যোৱাৰ পিছত এইবাৰ পহুমৰা নৈৰ পানীয়ে খেতি পথাৰত চলালে তাণ্ডৱ। ভূটানৰ পৰা অহা পানী পহুমৰা নৈত পৰাৰ ফলত নৈৰ পানী উফন্দি উঠে আৰু নৈৰ দুয়োপাৰত থকা বিস্তৰ কৃষিভূমি তল পেলায়।
বৰপেটাৰ বাগোদী, ভৈৰাগুৰী, তাপাৰবড়ী, ৰঙানদীৰ পাম, হাহচৰা, কাঁহিকুছি আদি অঞ্চলৰ শ শ ইৰি খেতি পানীত ডুব যায়। এই খেতিসমূহ ছপাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিল। তেনে সময়তে পহুমৰা, নখন্দা নৈৰ বাঢ়নী পানীয়ে ডুবালে খেতিপথাৰ সমুহ। ফলত কৃষকৰ অৱস্থা অধিক তথৈবচ হবলৈ গতি কৰিছে। ক’ৰোনাৰ যুজঁত যুজি সৰ্বহাৰা হোৱা কৃষকে ইটোৰ পিছত সিটো দুৰ্যোগৰ সন্মূখীন হব লগা হৈছে। লক ডাউনৰ ফলত কৰ্মহীন হৈ পৰা কৃষকে মুৰৰ ঘাম মাটিত পেলাই ইৰি খেতি কৰি পৰিয়াল পোহপালৰ সপোন পুহিছিল।
কিন্তু নিষ্ঠুৰ প্ৰকৃতিয়ে সেইয়াও যেন বুজি নললে। কৃষকৰ সকলো সপোন ঠানবান কৰি দিলে বছৰৰ প্ৰথমটো বানে। ইৰি খেতিৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিও এই বানত নষ্ট হোৱাৰ আশংকা বৃদ্ধি পাইছে। বানত ক্ষতিৰ সন্মূখীন হোৱা বৰপেটাৰ বিভিন্ন অঞ্চলৰ কৃষকে এই ক্ষেত্ৰত হতাশাত ভাগি পৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *