Sunday , September 20 2020
শেহতীয়া খবৰ

পাঁচমাহে মেৰামতিৰ বাবে সময় নোলাল ধুমুহাই ধ্বংস কৰা বিদ্যালয় গৃহ

গণবাৰ্তা,নুমলীগড়,২৮জুলাইঃ  বিদ্যালয় এক মন্দিৰ ,বিদ্যালয়ত গঢ় দিয়া মানৱ সম্পদ ।মানৱ সম্পদ হিচাপে গঢ় দিয়াত প্ৰথম খোজ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা ।কিন্তু কি পৰ্যায়ত বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ আন্তঃগাঁঠনি ।সেই কথা উদঙাইছে গোলাঘাট জিলাৰ মুৰফুলনীৰ কাষৰীয়া উল্টাজানৰ এখন বিদ্যালয়ৰ আন্তঃগাঁঠনি আৰু বিদ্যালয় প্ৰাঙ্গনৰ পৰিৱেশে ।পাঁচ মাহ পূৰ্বে এজাক ধুমুহাই ধ্বংস কৰা এখনি চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয় ।পাঁচ মাহে বিদ্যালয় গৃহতি মেৰামতি কৰিবলৈ সময় নোলাল বিদ্যালয় প্ৰধানৰ ।এই অভিযোগ আমাৰ নহয় অভিযোগ অভিভাৱক তথা সচেতন ৰাইজৰ ।১৯৭৮ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয় খনৰ জৰাজীৰ্ণ গোঁহালি সদৃশ অৱস্থা ।কি বিদ্যালয় গৃহতিৰ ভিতৰ কি বিদ্যালয়ৰ চৌহদ ।চাৰিওফালে কেৱল হাবি জংঘলেৰে আৱৰি বিদ্যালয়খন । বিদ্যালয়গৃহ দেখিলেই  অসম চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ।এৰাবাৰী নে বিদ্যালয়ৰ চৌহদ ধৰিবই নোৱাৰি ।লক ডাউনৰ বাবে হাবি জংঘলৰ মাজত আবদ্ধ হৈ পৰি ৰৈছে বিদ্যালয়খন। গোলাঘাট পূব শিক্ষা খণ্ডৰ অধীনস্থ মৰঙী মৌজাৰ ১নং উল্টাজান প্ৰাথমিক বিদ্যালয়ৰ দুখ লগা ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ ।এইয়া কেৱল এটি উদাহৰণ মাত্ৰ মুৰফুলনী  অঞ্চলৰ বহু বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ অৱস্থা প্ৰায় একে ।স্থানীয় ৰাইজ তথা অভিভাৱকৰ অভিযোগ  বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় খনৰ উন্নয়নৰ বাবে অসম চৰকাৰে আগবঢ়োৱা উন্নয়নৰ ধনৰাশি বিষয়ে  বিদ্যালয় পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি কৌশলেৰে কাম চলাই গৈছে।অভিযোগ অনুসৰি বিদ্যালয় প্ৰধান গৰাকীয়ে নিজে বিদ্যালয় খনত প্ৰায়ে অনুপস্থিত থাকি উপযুক্ত  শিক্ষাৰ পৰা কনকন  ছাত্র ছাত্ৰীক বঞ্চিত কৰি আহিছে।ৰাইজৰ আহ্বান কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ব্যৱস্থা গ্ৰহণ কৰক শিক্ষা বিভাগে ।এই ক্ষেত্ৰত  বিভাগীয়  কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত  হব লক্ষণীয় বিষয় । বৃহত্তৰ ফলঙনি অঞ্চলটোৰ বহু বিদ্যালয়ৰ আন্তঃগাঁঠনি দুৰ্বল হোৱাৰ লগতে বহু বিদ্যালয়ত অভাৱ শিক্ষকৰ ফলঙনি আঞ্চলিক ছাত্ৰ সন্থা তথা সচেতন ৰাইজৰ দাবী শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিষয়টি গুৰুত্ব দি সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক ।অন্যথা অনাগত দিনত ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *