শেহতীয়া খবৰ

Video পাকিস্তানত বিমান দুৰ্ঘটনাত শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ জড়িয়তে গভীৰ শোক প্ৰকাশ

কাৰাচীঃ বিশ্বজুৰি কোৰোনা ভাইৰাছৰ প্ৰকোপ অব্যাহত থকাৰ সময়ছোৱাতে পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনা শুকুৰবাৰে সংঘটিত হয়। দেশখনৰ বিভিন্ন প্ৰান্তত লকডাউন চলি থকাৰ মাজতেই সংঘটিত হোৱা বিমান দুৰ্ঘটনাত শতাধিক যাত্ৰীৰ মৃত্যু ঘটিছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি শতাধিক যাত্ৰীৰ মৃত্যু ঘটিছে এই বিমান দুৰ্ঘটনাত। বিমানখনত পাইলটসহ ১০৭ গৰাকী যাত্ৰী আছিল। পাকিস্তানৰ কাৰাচিত অৱতৰণ কৰাৰ সময়ছোৱাতে পিআইএ এয়াৰক্ৰাফ্‌ট নামৰ বিমানখন দুৰ্ঘটনাত পতিত হয়। বিমানখন লাহৰ ইণ্টাৰনেশ্যনেল বিমান বন্দৰৰ পৰা কাৰাচীলৈ আহিছিল। কাৰাচীত অৱতাৰণ কৰাৰ প্ৰাক্‌ক্ষণতে বিমানখন দুৰ্ঘটনাত পতিত হয়।

 

পাকিস্তানৰ কাৰাচীত ভয়ংকৰ বিমান দুৰ্ঘটনা |bit.ly/PakistanAirlinesAircraftCrashGanaAdhikarNewsGanaadhikar. Com | Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Friday, 22 May 2020

দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে ধোৱাৰী ছানি ধৰে কাৰাছীৰ বায়ুমণ্ডল। এই দুৰ্ঘটনাত দুজন যাত্ৰীক বাদ দি বাকী আটাইকেইজন যাত্ৰীৰ মৃত্যু ঘটাৰ বাতৰি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠান দ্যা এছোচিয়েট প্ৰেছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি কাৰাচীৰ বিমান বন্দৰৰ সমীপতহে এটা আৱাসী অঞ্চলৰ সন্মুখতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে যে পিআইএ বিমানখন দুৰ্ঘটনাত পতিত হোৱাত আচম্বিত আৰু গভীৰ দুখ অনুভৱ কৰিছো। বিমানখন দুৰ্ঘটনাস্থলিত উদ্ধাৰকাৰী দলক পঠিওৱা হৈছে। এই দুৰ্ঘটনাৰ তদন্ত কৰাৰো নিৰ্দেশ দিয়া হৈছে।

লগতে মৃত্যু ঘটা পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰাৰ কথাও টুইটাৰৰ জড়িয়তে উল্লেখ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। একেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও পাকিস্তানৰ বিমান দুৰ্ঘটনাক লৈ টুইটাৰৰ জড়িয়তে উল্লেখ কৰিছে যে পাকিস্তানৰ বিমান দুৰ্ঘটনাৰ ফলত হোৱা ক্ষতি সাধনত তেওঁ বহু দুঃখিত। মৃত্যু ঘটা পৰিয়ালৰ প্ৰতি তেওঁৰ গভীৰ সমবেদনা আৰু আহত সকলক শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *