Wednesday , September 23 2020
শেহতীয়া খবৰ

পানীযোগান আঁচনিত ভূমিদান কৰি পানীত হাঁহ নচৰা অৱস্থাঃ কানসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

গণবার্তা,নুমলীগড়, ২৯ আগষ্টঃ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্বাৱধানত প্ৰায় ১২ বছৰ পূৰ্বে অসমত নিৰ্মাণ কৰিছিল বহু পানী যোগান আঁচনি । আৰু সেই আঁচনি সমূহ স্থাপনৰ বাবে বিভাগটোৰ লগত বিশেষ চুক্তিত ভূমিদান কৰিছিল একাংশ লোকে । সেই চৰ্ত আৰু প্ৰতিশ্ৰুতি আছিল ভূমিদাতা পৰিয়ালৰ এজন সদস্যই আঁচনি খনত পাব কৰ্ম সংস্থাপন । কিন্তু সকলো যেন ফুটুকাৰ ফেনত পৰিণত হল । আজি প্ৰায় ১২ বছৰ অতিক্ৰমৰ পাছত কোনো ধৰণৰ সংস্থাপন নহল মৰঙি মৌজাৰ ৩৫ টা পানীযোগান আঁচনিৰ ভূমিদাতা পৰিয়ালৰ । তেওঁলোকে পানী যোগান আঁচনি সমূহত আজি পৰ্যন্ত বিনা বেতনে  সেৱা আগবঢ়াই আহিছে যদিও তেওঁলোকৰ প্ৰতি কোনো সহানুভূতি দেখুওৱা নাই চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ।যাৰ বাবে এতিয়া একপ্ৰকাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে ভূমি দাঁতা সকলৰ । পৰিয়াল পোহপাল দিবৰ দিন হাজিৰা কৰিবলগীয়াৰ দৰে অৱস্থা হৈছে । সেই সম্পৰ্কে এমাহৰ সময় সীমাৰে গোলাঘাট জিলা উপায়ুক্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰিছে এইসকল লোকে । এই দাবীপত্ৰৰ যোগেদি এমাহৰ ভিতৰত যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে মৰঙি মৌজাৰ ৩৫ টা পানীযোগান আঁচনিয়ে ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাৰ হুংকাৰ প্ৰদান কৰিছে  বিনা বেতনেৰে ৮ৰ পৰা ১২বছৰে সেৱা আগবঢ়াই অহা এইসকল লোকে ।ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰক ভূমি দান কৰি এতিয়া নিজৰে পানীত হাঁহ নচৰা অৱস্থা এইসকল লোকৰ । এমাহৰ ভিতৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে মৌজাটোৰ ৩৫ টা পানীযোগান আঁচনিয়ে ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাৰ হুংকাৰ প্ৰদান কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *