Monday , September 21 2020
শেহতীয়া খবৰ

পিঞ্জৰা তোড়ৰ সদস্য আবেদনৰ উত্তৰত দিল্লী আৰক্ষীক ন্যায়ালয়ৰ ৰ্ভৎসনা

দিল্লী আৰŽক্ষীয়ে দাখিল কৰা শপত নামাত থকা বহু অভিযোগ ভিত্তিহীন ঃ দিল্লী উচ্চ ন্যায়ালয়

নতুন দিল্লী, ১০ জুলাই ঃ পিঞ্জৰা তোড়ৰ সদস্য দেৱাংগনা কলিতাৰ গোচৰৰ সম্পৰ্কত দিল্লী আৰক্ষীয়ে দাখিল কৰা শপতনামাক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ সমালোচনা কৰিছে। দেৱাংগনা কলিতাৰ অধিবক্তাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী আৰক্ষীয়ে দাখিল কৰা শপতনামাৰ বিৰোধিতা কৰে আৰু আৰক্ষীক ভৰ্ৎসনা কৰে। দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনা কলিতাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে দিল্লী আৰক্ষীয়ে শপতনামাত দাখিল কৰা কিছু অভিযোগ সম্পূৰ্ণভাৱে ভিত্তিহীন। অৰ্থাৎ ন্যায়ালয়ে এইবুলি কৈছে যে আৰক্ষীৰ দ্বাৰা লগোৱা কিছু অভিযোগ সম্পূৰ্ণ অনুচিত। ন্যায়ালয়ে এইবুলিও কয় যে ‘আমি এই কথা অৱগত নহয় যে শপতনামাত উল্লেখ থকা তথ্যৰ কোনো আধাৰ আছে নে নাই। কিছু অভিযোগ দায়িত্বহীনতাৰে লগোৱা হৈছে।’ উল্লেখ্য যে দেৱাংগনা কলিতা (৩১)ই এখন আবেদন দাখিল কৰি দাবী জনাইছিল যে আৰক্ষীক ন্যায়ালয়ে নিৰ্দেশনা দিয়ক যে যেতিয়ালৈ তদন্তৰ প্ৰক্ৰিয়া চলি থাকিব তেতিয়ালৈ তেওঁৰ বিৰুদ্ধে লগোৱা অভিযোগ আৰু তথ্য সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ পৰা বিৰত থাকে। দেৱাংগনা কলিতাৰ বিৰুদ্ধে মুঠ ৪খন এজাহাৰ দাখিল কৰা হৈছে। য’ত যোৱাবৰ্ষৰ ডিচেম্বৰত দৰিয়াগঞ্জত এক বিৰোধ প্ৰদৰ্শনত অংশ লোৱা আৰু অন্য এজাহাৰকেইখন উত্তৰ-পূব দিল্লীৰ জাফৰাবাদত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ লগত জড়িত। দেৱাংগনা কলিতাৰ উপৰি পিঞ্জৰা তোড়ৰ সদস্য নাতাশা নৰৱালকো আৰক্ষীয়ে ২৩ মাৰ্চত দিল্লী হিংসাৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। নাতাশা নৰৱাল আৰু দেৱাংগনা কলিতা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী। দেৱাংগনা কলিতা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত চেণ্টাৰ ফৰ ৱমেন ষ্টাডিজৰ এমফিলৰ ছাত্ৰী। আনহাতে নাতাশা চেণ্টাৰ ফৰ হিষ্ট’ৰিকেল ষ্টাডিজৰ পিএইচডিৰ ছাত্ৰী। দুয়োগৰাকী পিঞ্জৰা তোড়ৰ সংস্থাপক সদস্য। দেৱাংগনা কলিতাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে দিল্লী আৰক্ষীয়ে শপতনামাত বহু অভিযোগ দায়িত্বহীনতাৰে লগোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *