Friday , September 25 2020
শেহতীয়া খবৰ

পিতৃ ভগ্নীৰ সন্মুখতে  চলিল বৰ্বৰ নিৰ্যাতন ছাত্ৰ নেতা দেৱাশীষ গগৈৰ

 চাৰি জনক গ্ৰেপ্তাৰ , ছাত্ৰনেতা দেৱাশীষ গগৈৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

গণ বার্তা, আমগুৰি/ নকছাৰী/ ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৩১ মে:-  যোৰহাট জিলা সমিতিৰ প্ৰাক্তন আছু নেতা হেমলাই মিল গাঁৱৰ দেৱজিত গগৈৰ পুত্ৰ  সংগ্ৰামী ছাত্ৰ নেতা দেৱাশীষ গগৈক ঐতিহাসিক গাভৰু অঞ্চলত যোৱা শুকুৰবাৰে  পাশৱিক অত্যাচাৰ কৰি হত্যা কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নকছাৰী অঞ্চলত । ইতিমধ্যে যুৱকজনৰ পৰিয়ালে আৰক্ষীক প্ৰদান কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ৩০২/৩৪ ধাৰাত   ১৭২/২০ নম্বৰত গোচৰ ৰুজু কৰি চাৰি নৰপিশাচ ক্ৰমে আশীষ নায়ক,শচীন চাওঁৰা, অশোক চাওঁৰা,ৰাধেশ্যাম কুৰ্মীক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। আনহাতে ঘটনাটো সন্দৰ্ভত বাগিছা পৰিচালক জড়িত থকাৰ কথা পোহৰলৈ আহিছে। যোৱা শুকুৰবাৰে গাভৰু আঠাইশিল পৰিদৰ্শনৰ বাবে দেৱাশিষৰ  লগত গৈছিল এটা ন  জনীয়া বন্ধুৰ দল।যুৱকৰ দলটোক গাভৰু আঠাইছ শিলত প্ৰৱেশত বাধা দিছিল বাগিছা খনৰ দুজন চকীদাৰে। তাকে লৈ চকীদাৰ দুজনৰ সৈতে দেৱাশিষ  আৰু বন্ধু দলটোৰ মাজত সামান্য তৰ্ক বিতৰ্ক হয়  ।সেই সময়ত ঘটনাস্থলীত উপস্থিত হোৱা বাগিছাখনৰ এজন পৰিচালকে যুৱকৰ দলটোক আঠাইশ শিলত প্ৰৱেশ কৰাতো নিষিদ্ধ বুলি জানিবলৈ দি দলটোক উভটি যাবলৈ হুমকি দিয়ে। আনহাতে পৰিচালকৰ সন্মুখতে দেৱাশিষ আৰু চকীদাৰ দুজন মাৰপিতত লিপ্ত হয়। ইয়াৰ পাছতে আদিত্য নামৰ বন্ধু জনৰ সৈতে দেৱাশিষ  এখন স্কুটীত গাভৰু চাহ বাগিছাৰ কল ঘৰৰ সন্মুখেৰে তীব্ৰ বেগত যাৱলৈ চেষ্টা কৰোতে কল ঘৰৰ সন্মুখত নিয়ন্ত্ৰন হেৰুৱাই তিনিজন শ্ৰমিকক খুন্দা মাৰি পৰি যায়। ইয়াৰ পাছতে কল ঘৰৰ পৰা কাম ছুটী কৰি ওলাই অহা একাংশ শ্ৰমিকে  যুৱক দুজনৰ ওপৰত জপিয়াই পৰে। আনহাতে বাগিছাৰ পৰিচালকৰ নিৰ্দেশত আহত শ্ৰমিক তিনিজনক বাগিছাৰ এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও যুৱক দুজন তাতে পৰি ৰয়। ফলত একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা স্কুটীখনৰ চালক আদিত্য দাস আৰু দেৱাশিসষক  চৰ, গোৰ, ভুকু  শুধাই নিৰ্মম ভাৱে প্ৰহাৰ কৰিবলৈ ধৰে। বাগিছা পৰিচালকৰ সন্মুখতে একাংশ লোকে যুৱক দুজনক প্ৰহাৰ কৰিছিল যদিও বাধা প্ৰদান কৰাৰ পৰিবৰ্তে নীৰৱ দৰ্শকৰ  ভূমিকা গ্ৰহণ কৰে বাগিছা পৰিচালক জনে। আনহাতে বাগিছাৰ পৰিচালকে মাত্ৰ এশ মিটাৰ নিলগত থকা সীমান্ত নীৰিক্ষণ চকীত খবৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিলে। স্থানীয় এজন লোকৰ যোগেদি দেৱাশিষৰ দুৰ্ঘটনাৰ বিষয়ে পিতৃ অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয়।পিতৃৰ লগত আছিল দেৱাশিষৰ ভগ্নী আৰু ঘৰৰ কাষৰ এজন যুৱক। কিন্ত পুত্ৰক উদ্ধাৰ কৰিবলৈ যোৱা পিতৃ আৰু ভগ্নীক উত্তেজিত লোক সকলে আহত দেৱশীষক তুলি ধৰাত বাধা প্ৰদান কৰে। বহু সময় ধৰি অত্যাচাৰত হোৱা স্বত্তেও উপস্থিত হোৱা নাছিল আৰক্ষী। পাছত আহত যুৱক দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও শনিবাৰে নিশা দেৱশীষ গগৈ(২৩) নামৰ যুৱক জন মৃত্যু হয় । মৃত্যুৰ খবৰ ওলোৱাৰ লগে লগে সমগ্র অঞ্চলতে চাঞ্চল্য সৃষ্টি হয় । আৰু  আজি পুৱা যোৰহাটৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ  ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেশন কৰে। ইপিনে আজি বিয়লী মৰণোত্তৰ পৰীক্ষাৰ অন্তত দেৱাশীষৰ মৃতদেহত মৰিয়নি তথা নকচাৰীত আছু আটাছুকে ধৰি বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধা জনাই। ইয়াৰ পিচতে  এক শোকাকুল পৰিবেশত দেৱাশীষৰ গৃহ গাঁওত এক শোকাকুল পৰিবেশত শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে ৰাজ্য চৰকাৰে এই নাৰকীয় ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষনা কৰাৰ লগতে যোৰহাটৰ অতিৰিক্ত উপায়ুক্তক বিশ্বজিত ফুকনক তদন্তৰ দায়িত্ব অৰ্পন কৰিছে।ইতিমধ্যে এই ঘৃণনীয়  হত্যাকাণ্ডত জড়িত নৰপিশাচকেইটাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে লাহিং প্ৰাথমিক শিক্ষক সন্মিলনি, যোৰহাট জিলা আহোম সভা, উজনি অসম মুছলিম কল্যান পৰিষদ, যুৱ ছাত্ৰ পৰিষদৰ,আছু, আটাছু নকছাৰী আৰু মৰিয়নি আঞ্চলিক শাখা ,কৃষক মুক্তি মৰিয়নী আঞ্চলিক, যোৰহাট জিলা হাইস্কুল শিক্ষক সংস্থাকে ধৰি বিভিন্ন দল সংগঠনে। উল্লেখ্য যে আনহাতে চাহ সংগঠনৰ কেইজনমান নেতাই উক্ত বাগিচা খনলৈ গৈ গোপনে আলোচনা কৰি এই ঘটনা এক দুৰ্ঘটনা বুলি প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিয়া বুলি জানিব পাৰি আজি বিয়লি নকছাৰী – মৰিয়নীত একাংশ লোকে পথ অৱৰোধ কৰি দোষী লোকক উপযুক্ত শাস্তি দিবলৈ দাবী জনায় । বৰ্তমানেও সেই অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰি আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *