Wednesday , September 23 2020
শেহতীয়া খবৰ

পুত্ৰৰ প্ৰতিচ্ছবি লৈ অনশনত বহিল তিতাবৰ বৰহোলাত সেনা আৰক্ষী জিম্মাত মৃত্যু হোৱা জয়ন্ত বৰাৰ মাতৃ

গণ বার্তা,বিশেষ , তিতাবৰ , ২১ আগষ্ট :  পুত্ৰৰ প্ৰতিচ্ছবি সন্মুখত লৈ অনশনত বহিল বৰহোলাত    সেনা আৰক্ষী জিম্মাত মৃত্যু হোৱা জয়ন্ত বৰাৰ মাতৃ লীলা বৰাই । সেনা আৰক্ষীৰ হাতত ৰহস্যজনক ভাবে মৃত্যু হোৱা জয়ন্ত বৰাৰ দুৰ্ভাগ্যজনক ঘটনাৰ ৬৫ টা দিন অতিক্ৰম কৰাৰ পাছতো আজি পর্যন্ত চৰকাৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নোৱাৰাৰ প্ৰতিবাদত আজিৰে পৰা মাতৃ গৰাকীয়ে অনিৰ্দিষ্ট কাললৈ  অনশন কাৰ্যসূচী ঘোষণা কৰিছে। দীৰ্ঘদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা স্থানীয় দল সংগঠনৰ একত্ৰিত ঐক্যমঞ্চ জয়ন্ত বৰা হত্যাৰ ন্যায় দাবী সমিতিৰ সহযোগত বৰহোলা আৰক্ষী থানাৰ সন্মুখত গ্ৰহণ কৰা অনশন কাৰ্যসূচীৰ স্থলীৰ পৰাই পুত্ৰৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাইছে মাতৃ গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *