Friday , September 25 2020
শেহতীয়া খবৰ

পুনৰ কাৰাবন্দীৰ শৰীৰত কোৰোনাঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ ক’ভিড ৰোগী চিনাক্ত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ জুলাই ঃ পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোৰোনা ৰোগী ধৰা পৰিছে। আজি নাজমুল আলী নামৰ এজন কয়দীৰ শৰীৰত এই ৰোগ ধৰা পৰে। উল্লেখ্য যে যোৱা ২৬ জুনত ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল নাজমুল আলীক। গীতানগৰ থানাই ধৰ্ষণৰ গোচৰত ২৫ বছৰীয়া কয়দীজনক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গোৱালপাৰাৰ এই যুৱকজনৰ শৰীৰত আজি ক’ভিড-১৯ নিশ্চিত হোৱাৰ পিছতে কেন্দ্ৰীয় কাৰাগাৰত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা চাৰি জুনত কেন্দ্ৰীয় কাৰাগাৰত প্ৰথমজন কোৰোনা ৰোগী ধৰা পৰিছিল। বশিষ্ঠৰ লখিমী নগৰত চুৰি কাৰ্যত জড়িত জিন্তু নাথ নামৰ কয়দীজনৰ শৰীৰত কোৰোনা ভাইৰাছ ধৰা পৰিছিল। জিন্তু নাথৰ শৰীৰত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে নাথৰ সংস্পৰ্শলৈ অহা দিছপুৰ আৰু জালুকবাৰীৰ সাতজন আৰক্ষীক কোৱাৰেণ্টাইন কৰা হৈছিল। ইপিনে আজি পুনৰ কয়দীৰ শৰীৰত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে কেন্দ্ৰীয় কাৰাগাৰক কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। কাৰাগাৰত ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে। উল্লেখ্য যে সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈ, ৰাকেশ পালকে ধৰি কে’বাজনো মূধাফুটা ব্যক্তি কাৰাবন্দী হৈ আছে। ইপিনে কোৰোনা ভাইৰাছৰ কবলত আৰক্ষীৰ জোৱানো আহি পৰিছে। লকডাউনৰ বাবে আৰক্ষীয়ে কৰ্তব্য সম্পাদন কৰাৰ লগতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰথম শাৰীৰ সৈনিক হিচাপে নিয়োজিত হৈ থকাৰ বাবে আৰক্ষী আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আজিলৈকে গুৱাহাটীত ৮৩জন আৰক্ষী কোৰোনাত আক্ৰান্ত হৈছে। বিশেষকৈ পাণবজাৰ আৰক্ষী থানা এলেকা, সৰুসজাই ¦ক্ৰীনিং চেণ্টাৰত কৰ্তব্যৰত আৰক্ষীৰ মাজত কোৰোনা আক্ৰান্তৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি পাণবজাৰ আৰক্ষী থানাৰ চৌহদত থকা বেৰেকত বেটেলিয়নৰ চাৰিজন জোৱানৰ দেহত ক’ভিড ধৰা পৰিছে। তদুপৰি যান-বাহন শাখাৰ এজন জোৱানৰ শৰীৰতো ক’ভিড ধৰা পৰিছে। অৱশ্যে আক্ৰান্ত হোৱা ৮৩জন আৰক্ষীৰ ১৭গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে বুলি আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিছে। সংক্ৰমণ যাতে অধিক হ’ব নোৱাৰে তথা আৰক্ষীসকল যাতে সহজতে ভাইৰাছৰ সংস্পৰ্শলৈ নাহে সেয়ে মহানগৰত কৰ্তব্যৰত আৰক্ষীক সুৰক্ষামূলক ফেচ ছিল্ড প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *