Friday , September 25 2020
শেহতীয়া খবৰ

পেঙেৰী আৰক্ষীৰ প্ৰশংশনীয় পদক্ষেপ৫ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিলে

দৈনিক গণঅধিকাৰ,ফিল’বাৰীঃ আজি পেঙেৰী থানাৰ অন্তৰ্গত গুৰুং বস্তি নামৰ গাঁওখনত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ৫ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়। পেঙেৰীৰ অ’চি শ্ৰীকুমাৰ নেওগৰ নেতৃত্বত চলা অভিযানত সহযোগ আগবঢ়ায় স্থানীয় গাঁও ৰক্ষী বাহিনী আৰু আটছাৰ পেঙেৰী শাখাৰ বিষয়ববীয়াই।

উল্লেখ্য যে দেশত অব্যাহত থকা লক্-ডাউনৰ সময়ছোৱাত পেঙেৰী থানাৰ অন্তৰ্গত মুংগং পথাৰ, গুৰুং বস্তি, ডিব্ৰুজানৰ দৰে বিভিন্ন গাঁৱত বৰবিহ সদৃশ চুলাই মদৰ উপৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখি ‘সামাজিক দূৰত্ব’ অৱমাননাৰ জৰিয়তে ভয়ংকৰ বিপদ নমাই অনাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এনে অভিযোগৰ ভিত্তিত বিগত কেইবাদিন ধৰি লক-ডাউনৰ পৰিৱেশ নিয়ন্ত্ৰণৰ লগতে চুলাই ভাতি উচ্ছেদত অভিযানতো নামি পৰিছে পেঙেৰীৰ আৰক্ষী। আজি গুৰুং বস্তিৰ কেইবা ঘৰতো অভিযান চলাই চুলাই প্ৰস্তুতত ব্যৱহৃত বিভিন্ন সৰঞ্জামসহ ৫ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কেইবাজন অভিযুক্তক থলিতে কাণত ধৰাই উঠা- বহা কৰি শাস্তি বিহে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *