শেহতীয়া খবৰ

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যুৱ -ছাত্ৰ পৰিষদৰ প্ৰতিবাদঃ  প্ৰধান মন্ত্ৰী- পেট্ৰোলিয়াম মন্ত্ৰীৰ জুমুঠি দাহ 

ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ২৯ জুন ঃ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ জুমুঠি দাহ কৰে । কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত সংগঠনটোৰ যোৰহাট জিলাৰ  ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন,  সম্পাদক সূৰয কলিতাই  জনায় যে পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি যোৰহাট গড়আলিত দাহ কৰা হয়। বিশ্বত পেট্ৰ’লিয়াম জাতীয় সামগ্ৰীৰ মূল্য নিম্নগামী হৈ থকাৰ সময়তে ভাৰতত সৰ্বকালৰ অভিলেখ ভংগ কৰি ডিজেল আৰু পেট্ৰ’লৰ মূল্য বৰ্তমানৰ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰখনে যি গতিত বঢ়াই আছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কোৰোনা  মহামাৰীৰ এই মহাতংকৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ হঠকাৰী সিদ্ধান্তই সাধাৰণ লোকক আৰু মাধমাৰ শোধাব । যিহেতু পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ’লেই ইয়াৰ প্ৰভাৱ অত্যাৱশ্যকীয় সকলো দ্ৰব্য-সামগ্ৰীৰ ওপৰত পৰা দেখা যায় । ইয়াৰ সুযোগ লৈ ব্যৱসায়ীসকলে দ্ৰব্য-সামগ্ৰীৰ মূল্য বৃদ্ধি কৰে। প্ৰতিকৃতি দাহ কৰা স্থানত  কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া শিৱ কলিতা, বাবু দত্ত  আৰু যোৰহাট জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত নৰেন্দ্ৰ মোদী গ’ বেক, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, মূল্য বৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’­গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *