Monday , September 21 2020
শেহতীয়া খবৰ

পেট্ৰল-ডিজেলৰ শুল্ক হ্ৰাস আৰু মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবীত যোৰহাটত চি পি আই(এম) ৰ প্ৰতিবাদ

গণবৰ্তা বিশেষ, যোৰহাট ১ জুলাই:- কোভিড-১৯ৰ ক্ৰমবৰ্ধমান সংক্ৰমণ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে সম্পূৰ্ণ অপৰিকল্পিতভাৱে হঠাৎ লকডাউন ঘোষণা কৰাৰ ফলত সৰ্বসাধাৰণ জনতাৰ জীৱন-জীৱিকা ধ্বংস হোৱাৰ উপক্ৰম হৈছে আৰু অগণন পৰিয়ালৰ জীৱনলৈ আহিছে চৰম দুৰ্দশা। এনে দুৰ্যোগ মুহূৰ্তত মোদী চৰকাৰে প্ৰায় প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত নিষ্ঠুৰতম আক্ৰমণ কেন্দ্ৰীভূত কৰিছে। এই পটভূমিত চি পি আই (এম), চি পি আই, চি পি আই (এম এল)কে ধৰি দেশৰ বাঁওপন্থী দলসমূহে দেশৰ সংকটজৰ্জৰ  জনসাধাৰণক সকাহ দিয়াৰ বাবে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক অবিলম্বে হ্ৰাস আৰু পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবী জনাইছে। উল্লেখ্য যে ভাৰতত পেট্ৰলজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক বিশ্বৰ সকলোবোৰ দেশৰ তুলনাত অধিক। পেট্ৰল-ডিজেলৰ লেকামহীন মূল্যবৃদ্ধিৰ ফলত তৈল কোম্পানীসমূহে অত্যধিক হাৰত লাভ বুটলিছে আৰু কেন্দ্ৰীয় চৰকাৰেও সংগ্ৰহ কৰিছে অত্যধিক পৰিমাণৰ ৰাজহ। বৰ্তমান পৰিস্থিতিত জনসাধাৰণৰ জীৱন-জীৱিকা ৰক্ষাৰ সলনি মোদী চৰকাৰৰ এই জনবিৰোধী নীতি নিঃসন্দেহে এক অক্ষমনীয় অপৰাধ হিচাপে বিবেচিত হৈছে। চৰকাৰৰ এই নীতিৰ প্ৰতিবাদত বাঁওপন্থী দলবোৰে ঐক্যবদ্ধভাৱে ৰাষ্ট্ৰজোৰা আন্দোলন সংগঠিত কৰিছে।  আমাৰ অসমত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ভয়ংকৰ প্ৰভাৱ ৰাজ্যখনৰ জনসাধাৰণ, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীটোৰ ওপৰত সৰ্বাধিক পৰিছে। ৰাজ্যত পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পৰিবহন মাচুল বৃদ্ধিৰ উপৰি সকলো সামগ্ৰীৰ ওপৰত অভাৱনীয় প্ৰভাৱ পেলাইছে। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি যোৰহাট জিলাটো চি পি আই(এম) দলে কৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে চলি বৈজ্ঞানিক নীতি-নিয়ম মানি চলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে চি পি আই(এম) দলৰ যোৰহাট জিলা কাৰ্যালয়ৰ পৰা এটা প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। ইয়াৰ পিছতেই পথৰ দাঁতিত শাৰীৰিক দূৰত্ব বজাই ৰাখি প্লে কাৰ্ড সহ বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলা হয়। উল্লেখ্য যে পেট্ৰ’ল-ডিজেলৰ লগতে লকডাউনৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাক লৈয়ো দলটো সৰৱ হৈ পৰে আৰু এইক্ষেত্ৰত যোগান মন্ত্ৰীৰ ব্যৰ্থতাৰ কথা সজোৰে উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *