Monday , September 21 2020
শেহতীয়া খবৰ

প্ৰদীপ গোস্বামীৰ মৃত্যুত শোক

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, 5 আগষ্ট : যোৰহাটৰ বিশিষ্ট চিকিৎসক তথা নগৰৰ উপকণ্ঠ সবাইবন্ধা জাগৃতি নগৰৰ নিৱাসী  ডা: প্ৰদীপ গোস্বামী(৭০)ৰ মঙ্গলবাৰে বিয়লি ১.২০ বজাত উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যু হয়।  সৰবৰহী আৰু দয়ালু চিকিৎসকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত সমৱেত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে টেড ইউনিয়নৰ বিশিষ্ট নেতা প্ৰবীণ গোস্বামীৰ পুত্ৰ প্ৰদীপ গোস্বামীৰ জন্ম হৈছিল ১৯৫০ চনত। চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কিছুদিন চিকিমৰ গেংটকৰ মুখ্য চিকিৎসালয়ত চাকৰি কৰিছিল। ইয়াৰ পিছত মৰিয়নিৰ কাঠনিবাৰী চাহ বাগিচাত কম সময়ৰ বাবে চাকৰি কৰে। পাছত স্বাধীনভাৱে যোৰহাটত চেম্বাৰ আৰম্ভ কৰি চিকিৎসা সেৱা আগবঢ়ায়। মৃত্যুৰ সময়ত তেওঁ পত্নী , দুজন পুত্ৰ সহ বহু আত্মীয়ক এৰি থৈ গৈছে। চিকিৎসক গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *