Home Editor's Pick প্ৰসূতি চাহ শ্ৰমিকৰ বাবে কাল হৈ পৰিছে উচ্চ ৰক্তচাপ : চাহ বাগানত...

প্ৰসূতি চাহ শ্ৰমিকৰ বাবে কাল হৈ পৰিছে উচ্চ ৰক্তচাপ : চাহ বাগানত অধ্যুষিত জিলা সমূহত বৃদ্ধি ঘটিছে প্ৰসূতি মৃত্যুৰ সংখ্যা

57
0


✍️ হিমাংশু অনুপম
২৪ এপ্ৰিল : চাহৰ বাবে বিশ্ববিখ্যাত অসম। অসমৰ চাহে বিশ্বৰ বজাৰত এক সুকীয়া স্থান দখল কৰি আহিছে। প্ৰায় ১৫০ বছৰ ধৰি অসমে বিশ্বক পুৱতিৰ চাহকাপ যোগান ধৰি আহিছে। ৰাজ্যত প্ৰায় ১,০০০তকৈও অধিক চাহ বাগিচা আছে। বিশেষকৈ মধ্য আৰু উজনি অসমৰ জিলাসমূহৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো জিলাত বহুল মাত্ৰাত চাহ বাগান আছে। বছৰ বছৰ ধৰি চাহে মৰ অৰ্থনীতিত এক বৃহৎ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত প্ৰায় ৬৫ লাখ চাহ জনগোষ্ঠীৰ লোক আছে, যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮ শতাংশ। কিন্তু পৰিতাপৰ বিষয় যে বছৰ বছৰ ধৰি এই জনগোষ্ঠীটো ৱহেলিত হৈ আহিছে। শিক্ষা আৰু স্বাস্থ্যৰ দৰে মৌলিক সুবিধাসমূহ উপযুক্তভাৱে প্ৰদান কৰা হোৱা নাই, যাৰ বাবে প্ৰচলিত সমাজধাৰাতকৈ বহুখিনি পিছ পৰি আছে চাহ জনগোষ্ঠী।

আনহাতে অতি নিম্ন মজুৰিৰে কাম কৰি অহা চাহ-শ্ৰমিকসকল আৰ্থিক দিশত সচ্ছল হ’ব পৰা নাই। উল্লেখ্য যে অধিক মাত্ৰাত নিমখ খাদ্যৰ সৈতে গ্ৰহণ কৰাৰ ফলত চাহ-শ্ৰমিকসকলৰ মাজত বিভিন্ন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। লক্ষণীয় যে শেহতীয়াকৈ প্ৰসূতি চাহ শ্ৰমিকৰ মাজত উচ্চ ৰক্তচাপ এক প্ৰাণহানিকৰ ৰোগত পৰিণত হৈছে। গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ ফলত প্ৰসৱৰ সময়ত বিভিন্ন বিসংগতি ঘটাৰ তথ্য পোৱা গৈছে। ইয়াৰ ফলত প্ৰসূতিৰ মৃত্যু ঘটাও পৰিলক্ষিত হৈছে। চিন্তনীয় বিষয় এই যে প্ৰতিবছৰে ৰাজ্যখনত প্ৰায় ১,০০০টা প্ৰসূতি মৃত্যুৰ ঘটনা সংঘটিত হয়। অৱশ্যে এয়া চৰকাৰী তথ্যহে। এনে বহুতো ঘটনা পঞ্জীভুক্ত নহয়। বেচৰকাৰী হিচাপত প্ৰসূতি মৃত্যুৰ সংখ্যা সহস্ৰাধিক হ’ব। চৰকাৰী তথ্য অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্যখনত ৯০৬টা প্ৰসূতি মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। আনহাতে ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্যত ৯১৪টা প্ৰসূতি মৃত্যুৰ ঘটনা ঘটিছিল। লক্ষণীয় যে চাহ বাগান অধ্যুষিত জিলাসমূহত প্ৰসূতি মৃত্যুৰ সংখ্যা আন জিলাসমূহতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। পৰিসংখ্যালৈ লক্ষ্য কৰিলে চাহ বাগান অধ্যুষিত জিলা যেনে- কাছাৰ, কৰিমগঞ্জ, নগাঁও, ডিব্ৰুগড়, শোণিতপুৰ আদি জিলাত তুলনামূলকভাৱে এই পৰিসংখ্যা অধিক। ২০১৮-১৯ বিত্তীয় বৰ্ষত কাছাৰত ১৫৪টা, কৰিমগঞ্জত ৪৯টা, নগাঁৱত ৬৫টা, ডিব্ৰুগড়ত ৫৫টা, শোণিতপুৰত ৪২টা মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত কাছাৰত ১৩৮টা, কৰিমগঞ্জত ৩৪টা, নগাঁৱত ৬৫টা, ডিব্ৰুগড়ত ৮৯টা, শোণিতপুৰত ৭৮টা মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। ৰিচাৰ্জ গেট জাৰ্নেলত প্ৰকাশিত এক গৱেষণা-পত্ৰ অনুসৰি প্ৰসূতি চাহ-শ্ৰমিকৰ মৃত্যুৰ ক্ষেত্ৰত ৰক্তক্ষৰণ, এনিমিয়াৰ লগতে উচ্চ ৰক্তচাপো এক প্ৰধান কাৰক।

ডিব্ৰগড় চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটী মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ তুলিকা গোস্বামী মহন্ত, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ মনজিৎ বৰুৱা, ডাঃ স্বৰ্ণালী বৰুৱাই ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা গৱেষণা-পত্ৰত চাহ বাগানৰ প্ৰসূতিৰ মৃত্যুৰ ১৫০টা ঘটনাৰ অনুসন্ধান কৰি ৰক্তক্ষৰণৰ বাবে মৃত্যুৰ হাৰ ২১.৩ শতাংশ, উচ্চ ৰক্তচাপৰ বাবে ১৭.৩ শতাংশ হোৱা দেখা পাইছিল। উল্লেখ্য যে চাহ বাগানত গৰ্ভাৱস্থাতো মহিলা চাহ-শ্ৰমিকসকলে কাম কৰা পৰিলক্ষিত হয়। আনহাতে খাদ্যত নিমখৰ অতিমাত্ৰা ব্যৱহাৰে তেওঁলোকৰ ৰক্তচাপ বৃদ্ধিত কাৰক হিচাপে চিহ্নিত হয়। ‘দৈনিক গণ অধিকাৰ’ৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত পৰিলক্ষিত হৈছিল যে অতি লুণীয়া চাহ, কেৱল নিমখৰ সৈতে পঁইতাভাত, চাধা-ধঁপাত আৰু হাৰিয়া (চুলাই মদ) সেৱনে বাগানীয়া মহিলাসকলৰ ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে। বিশেষকৈ পাত তোলাৰ মাজৰ জিৰণি সময়ত বাগানীয়া মহিলাসকলে চাধা খোৱাৰ পৰম্পৰা বাগানত বিদ্যমান। আনহাতে কম মজুৰিৰ বাবে আৰ্থিক সুৰক্ষাহীনতাৰ বাবে হোৱা মানসিক অশান্তি আৰু সপ্তাহৰ অন্তৰ দিনা লাইনবোৰত চলা হাৰিয়াৰ ব্যৱহাৰ আৰু ইয়াৰ ফলত হোৱা পাৰিবাৰিক কাজিয়া-পেচালেও এনে প্ৰসূতিৰ উচ্চ ৰক্তচাপ বৃদ্ধি কৰাত অৰিহণা যোগায়। জানিব পৰা অনুসৰি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা এনে প্ৰসূতিৰ ৰক্তচাপ ১৫০-২০০ পৰ্যন্ত হোৱাৰো নজিৰ আছে। এনে অৱস্থাত চাহ বাগানৰ প্ৰসূতিৰ বাবে এক উচিত পদক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰিছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ, বাগান কৰ্তৃপক্ষ আৰু চাহ শ্ৰমিকসকলে একগোট হৈ ইয়াৰ সমিধানৰ বাবে কাৰ্য কৰা উচিত। নহ’লে বাগানীয়া প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত আহি পৰিব বৃহৎ জটিলতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here