Thursday , August 13 2020
শেহতীয়া খবৰ

প্ৰায় তেৰ কোটি টকাৰ ৰাস্তা নিৰ্মাণৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰমাইত

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৯ জুলাই : ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ এটা বৃহৎ মৌজা মদাৰখাট মৌজা। এই মদাৰখাট মৌজাৰে হৃদপিণ্ড স্বৰূপ ৰমাইৰ ৰাস্তাটো। এই ৰমাইতেই আজি ২০১৯-২০২০ বৰ্ষৰ প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’ব লগীয়া ৰমাই পথৰ আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। উক্ত বৰ্ণাঢ্য কাৰ্যসূচীত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাকে আদি কৰি বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে, আজি শুভাৰম্ভ কৰা পথছোৱাৰ দ্ৰৈঘ্য ১৩.৩০ কিলোমিটাৰ আৰু ইয়াৰ বাবে আবন্টিত ধনৰাশিৰ পৰিমাণ হৈছে ১২,৯৬,২৮, ০০০ কোটি টকা। তিনিটাকৈ কালভাৰ্ট যুক্ত উক্ত পথৰ নিৰ্মাণৰ দ্বায়িত্বত আছে ডিব্ৰুগড়ৰ গড়কাপ্তানি বিভাগ, লাহোৱাল, মৰাণ আৰু টিংখং কেন্দ্ৰীয় পথ সংমণ্ডল। স্থানীয় ৰাইজে আজিৰ এই কাৰ্যসূচীত সন্তোষ পাইছে লগতে বিভাগ সমূহে যাতে পথ নিৰ্মাণত নিখুঁট ভাৱে তেওঁলোকৰ দ্বায়িত্ব পালন কৰে , আবন্টিত ধনৰাশিৰ যাতে অপব্যয় নহয় তাৰবাবেও আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *