Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফলাফলৰ ঘোষণাৰ পিছত জ্বলিছে পশ্চিম বংগ: বিজেপি-টিএমচিৰ খণ্ডযুদ্ধত ১২কৰ্মীৰ মৃত্যু

ফলাফলৰ ঘোষণাৰ পিছত জ্বলিছে পশ্চিম বংগ: বিজেপি-টিএমচিৰ খণ্ডযুদ্ধত ১২কৰ্মীৰ মৃত্যু

51
0

হিংসাৰ প্ৰতিবেদন বিচাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে, আজি দেশজুৰি ধৰ্ণাত বহিব বিজেপি

কলকাতা, ৪ মে’ : পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত এতিয়া বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত আৰম্ভ হোৱা খণ্ডযুদ্ধত ১২জন কৰ্মীৰ মৃত্যু ঘটিছে। ফলাফল ঘোষণাৰ দিনাৰ পৰাই আৰম্ভ হোৱা দুই ৰাজনৈতিক দলৰ খণ্ডযুদ্ধই এনে এক পৰ্যায় পাইছেগৈ যে বিজেপিয়ে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিছে। বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰো কাষ চাপিছে বিজেপি। বিজেপিয়ে অভিযোগ কৰা অনুসৰি ফলাফলৰ পিছতেই টি এম চিৰ কৰ্মীসকলে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চলাই আছে। ইমানেই নহয়, তেওঁলোকে বিজেপি কৰ্মীৰ বাসগৃহত প্ৰৱেশ কৰি বাসগৃহ লণ্ডভণ্ড কৰিছে আৰু আক্ৰমণ চলাইছে। আনফালে টি এম চিয়ে একেই অভিযোগ উত্থাপন কৰিছে। টি এম চিয়ে অভিযোগ কৰা অনুসৰি বিজেপিয়ে তেওঁলোকৰ কৰ্মীৰ ওপৰত আক্ৰমণ চলাই আছে। এতিয়া দুয়োটা দলৰ মাজত আৰোপ-প্ৰত্যাৰোপৰ যুঁজ আৰম্ভ হৈছে। দুই দলৰ মাজত হোৱা এই হিংসাত্মক পৰিস্থিতিৰ বিষয়টোক লৈ আজি পশ্চিমবংগৰ ৰাজ্যপালৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লয়। লগতে তেওঁ ৰাজ্যখনত চলি থকা হিংসা কাৰ্যক লৈ গভীৰ চিন্তা ব্যক্ত কৰে। বিজেপিয়ে অভিযোগ কৰা অনুসৰি নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই টি এম চিৰ সমৰ্থকসকলে বিজেপিৰ বিভিন্ন প্ৰান্তৰ কাৰ্যালয়ত আক্ৰমণ চলায়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ নিশালৈ বিভিন্ন প্ৰান্তত হোৱা হিংসাত্মক ঘটনাত ১২জন লোকৰ মৃত্যু ঘটিছে। কিন্তু কোন দলৰ সমৰ্থকৰ মৃত্যু ঘটিছে সেই কথা প্ৰকাশ কৰা নাই।

আনহাতে বিজেপিয়ে দাবী কৰিছে যে টি এম চি কৰ্মীৰ আক্ৰমণত তেওঁলোকৰ ছয়জন কৰ্মীৰ মৃত্যু ঘটিছে। একেদৰে টি এম চিয়ে দাবী কৰিছে যে বিজেপি কৰ্মীৰ আক্ৰমণত তেওঁলোকৰ চাৰিজন কৰ্মীৰ মৃত্যু ঘটিছে। আনফালে এজন ব্যক্তি ইণ্ডিয়ান ছেকুলাৰ ফ্ৰণ্টৰ বুলি দাবী কৰি হৈছে। আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা এই হিংসাত জড়িত থকাৰ অভিযোগত ২৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পশ্চিমবংগত চলি থকা হিংসাত্মক কাৰ্যত গভীৰ চিন্তা ব্যক্ত কৰি ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। ৰাজ্যপাল জগদীপ ধনখড়ে টুইটাৰৰ জৰিয়তে চলি থকা হিংসাৰ ঘটনাত চিন্তা ব্যক্ত কৰি আৰক্ষী প্ৰশাসনক নিয়ন্ত্ৰণ কৰিবলৈ আহবান জনাইছে। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা পৰিস্থিতিৰ বুজ ল’বলৈ পশ্চিমবংগত উপস্থিত হয়। আনফালে মমতা বেনাৰ্জীয়ে সকলোকে শান্তি বজাই ৰাখিবলৈ আহবান জনাইছে। তেওঁ কয় যে বুধবাৰে শপত গ্ৰহণ নকৰা পৰ্যন্ত আইন-শৃংখলা বজাই ৰখাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ। তেওঁ কয়- হিংসাক নিয়ন্ত্ৰণ কৰিব লাগে। পশ্চিমবংগৰ এই ঘটনাক কেন্দ্ৰ কৰি বিজেপিয়ে কাইলৈ দেশজুৰি ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here