শেহতীয়া খবৰ

ফাচী বজাৰৰ নাপিতৰ দেহত কোৰোনা

  • মংৰু চাহানীৰ সংস্পৰ্শললৈ অহা সুমন ঠাকুৰক এম এম চি এইচত ভৰ্তি
  • ঠেলা চালক মহেন্দ্ৰ শ্বাহৰ শৰীৰিতো মাৰাত্মক ভাইৰাচ

গুৱাহাটীঃ কোৰোনা ভাইৰাচৰ হটস্পটলৈ পৰিণত হোৱা ফাচী বজাৰৰ ৰাজকমল হোটেলত থকা আলু গুদামৰ সৈতে সম্পৰ্ক থকা লোকৰ শৰীৰত ভাইৰাচৰ উপস্থিতি ধাৰাবাহিকভাৱে পোহৰলৈ অহা অব্যাহত আছে। ফাচী বজাৰৰ আলু গুদামত কৰ্মৰত মংৰু চাহানীৰ শৰীৰত মাৰাত্মক ভাইৰাচ ধৰা পৰাৰ পিছতেই স্বাস্থ্য বিভাগে অনুসন্ধান চলোৱাৰ পিছত ১৫জনকৈ লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি স্পষ্ট হৈ পৰিছিল। আনহাতে কালি মংৰু চাহানীৰ সমস্পৰ্শলৈ অহা কোভিড ৰোগী বিশ্বনাথ চাহুৰ পত্নী আৰু পুত্ৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত এম এম চি এইচত ভৰ্তি কৰোৱা হৈছিল। ইপিনে এতিয়াও তিনি শতাধিক লোকৰ নমুনাৰ ফলাফল আহিবলৈ বাকী থকা অৱস্থাত ফাচী বজাৰৰ আলু গুদামৰ সৈতে সম্পৰ্কিত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা হৈছে।

আটাইতকৈ চিন্তনীয় বিষয় যে মংৰু চাহানীৰ সংস্পৰ্শলৈ অহা ২০ বছৰীয়া সুমন ঠাকুৰৰ গাত ভাইৰাচ ধৰা পৰিছে। আজি গুৱাহাটীৰ কুমাৰপাৰাৰ দুজন ব্যক্তিক চিনাক্ত কৰা হয়। ইয়াৰ এজন ঠেলা চালক মহেন্দ্ৰ শ্বাহ (৫৭) আনজন সুমন ঠাকুৰ। আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ সৈতে কুমাৰপাৰাত উপস্থিত হৈ দুয়োজন ৰোগীকে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া তদাৰক কৰে। এই সম্পৰ্কত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক পেজৰ যোগেদি জানিবলৈ দিয়ে যে মহেন্দ্ৰ শ্বাহ আৰু সুমন ঠাকুৰৰ শৰীৰত কোভিড-১৯ৰ লক্ষন দেখা পোৱা নাছিল। কিন্তু আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ তথ্যৰ আধাৰতে তেওঁলোকক বিচাৰি উলিওৱা হৈছে। অঞ্চলটোৰ ৰাইজক ভিতিগ্ৰস্ত নহ’বলৈও তেওঁ আহবান জনায়।

ইপিনে জানিব পৰা অনুসৰি আজি চিহ্নিত হোৱা সুমন ঠাকুৰ পেছাত নাপিত। বিগত সময়ছোৱাত সুমন ঠাকুৰে ৬০ৰ পৰা ৭০জন ব্যক্তিক ক্ষৌৰকৰ্ম কৰিছিল। তেনেস্থলত নতুন নতুন ব্যক্তিৰ শৰীৰত এই মাৰাত্মক ভাইৰাচ বিয়পি পৰাৰ সম্ভাৱনা জাগি উঠিছে। আনহাতে কালি মাজ নিশা আৰু তিনি ব্যক্তিৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। গুৱাহাটীৰ সৰুসজাই চেণ্টাৰত থকা এজন লোক, জি এম চি এইচত এজন লোক আৰু আনজন পশ্চিমবংগ পৰা অহা এজন ট্ৰাক চালকৰ দেহত কোৰোনা ভাইৰাচ ধৰা পৰে। বাতৰি লিখা পৰলৈকে ৰাজ্যত কোৰোনা ৰোগীৰ সংখ্যা ৯১জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৪১ গৰাকী আৰোগ্য লাভ কৰাৰ বিপৰীতে দুজনৰ মৃত্যু ঘটিছে। আনহাতে দুজন ৰোগী নিজৰ ৰাজ্যলৈ ঘূৰি গৈছে। সম্প্ৰতি ৰাজ্যত ৪৪জন কোৰোনা ৰোগী চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *