Friday , September 25 2020
শেহতীয়া খবৰ

ফিল’বাৰীত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু

গণ বাৰ্তা ,ফিল’বাৰী, ২৭ জুলাই : তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ ফিল’বাৰী চাহ বাগিচাৰ সমীপৰ পুৰনা  বজাৰত জাপানিজ ‌এনকেফেলাইটিছ সদৃশ ৰোগত‌ আক্ৰান্ত‌ হৈ এগৰাকী শিশুৰ মৃত্যু ‌হোৱা বাতৰি ‌পোৱা গৈছে ।খবৰ  অনুসৰি ‌ফিল’বাৰী চাহ বাগিচা‌ৰ পুৰনা বজাৰ নিৱাসী  ক্ষুদ্ৰ ব্যৱসায়ী  হৰিৰাম সিংৰ পুত্ৰ সুজল সিং (১০) ৰ বৃহস্পতিবাৰে সন্ধিয়া  ভাগত  জ্বৰ কাহ ৰোগত আক্ৰান্ত হৈ স্বাস্থ্যৰ অধিক  অৱনমিত  ঘটাত পৰিয়ালৰ লোকে  প্ৰাথমিক  চিকিৎসাৰ  বাবে  ফিল’বাৰী তিনিআলিত থকা ব্যক্তিগত খণ্ডৰ  চিকিৎসালয়লৈ লৈ আহে। কিন্তু শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি দেখাত  চিকিৎসকে প্ৰাথমিক  চিকিৎসা  প্ৰদানৰ  পিছতেই উন্নত চিকিৎসাৰ  বাবে  অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰন কৰে।শিশুটিৰ পৰিয়াল সূত্ৰে প্ৰকাশ যে, অসম চিকিৎসা  মহাবিদ্যালয়ত চিকিৎসকে শিশু গৰাকী কভিড -১৯ ৰোগত আক্ৰান্ত  হোৱাৰ  সন্দেহত   প্ৰথমতে ৰেপিড টেষ্ট  কৰিছিল যদিও, ৰেপিড টেষ্টৰ ফলাফল নিগেটিভ  অহাৰ পিছত পুনৰ চিকিৎসকে অন্য পৰীক্ষা  কৰাত শিশু  গৰাকী   জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত  হোৱা বুলি  পৰিয়ালক জানিবলৈ  দিয়ে। চিকিৎসকে লগে লগেই  জাপানিজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা  কৰিবৰ আৰম্ভ কৰে যদিও, বিগত দেওবাৰে  সন্ধিয়া  শিশু গৰাকী  মৃত্যু  হয়। জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু  হোৱা  শিশু সুজল সিং  ফিল‌’বাৰী চাহ বাগিচা প্ৰাথমিক  বিদ্যালয়ৰ চতুৰ্থ  শ্ৰেণীৰ ছাত্ৰ আছিল ।আজি আটছাৰ ফিল’বাৰী শাখাৰ  উপদেষ্টা  জেমছ তাঁতীৰ নেতৃত্বত এটা  সজাতি দল মৃত শিশুটিৰ  বাসগৃহত উপস্থিত হৈ  দৰিদ্ৰ পৰিয়ালটোক     কিছু সকাহ  দিয়াৰ  উদ্দেশ্যেৰে   আৰ্থিক সাহাৰ্য্যৰ লগতে কিছু পৰিমাণে  সামগ্ৰীৰ  যোগান  ধৰে। ইফালে  ফিল’বাৰী ৩ নং বৰহোলোং গাঁৱৰ  প্ৰীতিমায়া লিম্বু নামৰ  গোপীনাথ বৰদলৈ মধ্য ইংৰাজী  বিদ্যালয় অষ্টম শ্ৰেণীৰ ছাত্র এগৰাকী  অসম চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত  হৈ চিকিৎসা  গ্ৰহণ কৰি আছে।  যাৰ ফলত ফিল’বাৰী অঞ্চলটোত  জাপানিজ এনকেফেলাইটিছ ৰোগক লৈ এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *