Monday , August 10 2020
শেহতীয়া খবৰ

বংগত অম্‌ফানৰ ধবংসলীলা পৰিদৰ্শন কৰি ১০০০কোটিৰ পেকেজ ঘোষণা প্ৰধান মন্ত্ৰী মোদীৰ, নিহতৰ পৰিয়ালক দুই লাখ টকাকৈ সাহায্য

দৈনিক গণঅধিকাৰঃ সাগৰীয় ঘূৰ্ণী বতাহ অম্‌ফানে একপ্ৰকাৰ পশ্চিমবংগত সম্পূৰ্ণৰূপে ধবংসলীলা চলালে। অম্‌ফানৰ তাণ্ডৱত তচনচ হৈ পৰিল সমগ্ৰ বংগ। এতিয়া অম্‌ফানত ৮০জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। চৌদিশে কেৱল ধবংসলীলা আৰু ধবংসলীলা। প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি বৃহৎ বৃহৎ অট্টালিকা ছিন্ন-বিচ্ছিন্ন হৈ পৰিছে। অম্‌ফানে পশ্চিমবংগত যিদৰে তাণ্ডৱ লীলা চলালে সেই সন্দৰ্ভত আজি পৰিদৰ্শনৰ বাবে প্ৰধান মন্ত্ৰী মোদী উপস্থিত হ’ল। অম্‌ফানৰ এই ধবংসলীলা পৰিদৰ্শন কৰিবলৈ প্ৰধান মন্ত্ৰী মোদীয়ে আজি দিনৰ ১১ বজাত এক বিশেষ বিমানেৰে কলকাতাৰ বিমান বন্দৰত উপস্থিত হয়। বিমান বন্দৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ৰাজ্যপাল জগদ্বীপ ধনখড়ে আদৰণি জনাই প্ৰধান মন্ত্ৰী মোদীক। কলকাতা বিমান বন্দৰৰ পৰাই প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বায়ুসেনাৰ হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰা ধবংসলীলা পৰিদৰ্শন কৰে।

প্ৰায় এঘণ্টা জুৰি প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দক্ষিণ ২৪ পৰাগনাৰ, গোচাবা, কুলতলি, ডায়মণ্ড হাৰ্বাৰসহ বিভিন্ন এলেকা ক্ৰমে উত্তৰ-২৪ পৰগনা, ৰাজাৰহাট, মিনাখা, হিংগলগঞ্জ, সন্দেশখালি, হাচানবাদ, বছিৰহাটৰ আকাশমাৰ্গেৰে ধবংসলীলাৰ সমস্ত দৃশ্য পৰিদৰ্শন কৰে মোদীয়ে। এঘণ্টা ধবংসলীলা পৰিদৰ্শনৰ অন্তত বছিৰহাটৰ কলেজত আয়োজন কৰা বৈঠকত জিলা প্ৰশাসন আৰু চৰকাৰৰ সৈতে এক মিলিত হয় প্ৰধান মন্ত্ৰী মোদী। উক্ত বৈঠকত পশ্চিমবংগৰ মুখ্য সচিব ৰাজীৱ সিঙে অম্‌ফানৰ তাণ্ডৱত যাৱতীয় ক্ষতিৰ কিছু তথ্য দাখিল কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ৰাজ্যপালক কাষত লৈ প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰায় ৪০ মিনিট সময় ধবংসলীলা আৰু তাৰ ক্ষতি সন্দৰ্ভত আলোচনা কৰে।

বৈঠকৰ পিছতে ক্ষয়-ক্ষতিৰ মোকাবিলা কৰিবলৈ পশ্চিমবংগত অগ্ৰীমভাৱে এহেজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰে মোদীয়ে। প্ৰধান মন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান সময়ত যাতে ৰাজ্য চৰকাৰখনৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই আগতীয়া এহেজাৰ কোটি টকা ঘোষণা কৰা হৈছে। আনহাতে অম্‌ফানত নিহতৰ পৰিয়ালক দুই লাখ টকা আৰু আহতৰ পৰিয়ালক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে মোদীয়ে। ইপিনে প্ৰধান মন্ত্ৰী মোদীয়ে যি এহেজাৰ কোটিৰ পেকেজ ঘোষণা কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই পেকেজ স্পষ্ট নহয় বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোদীয়ে এহেজাৰ কোটিৰ আগতীয়া সাহায্য হিচাপে ঘোষণা কৰিছে যদিও ইয়াৰ পিছত আৰু কিবা লাভ কৰিব নে নাই সেয়া সন্দেহ আছে। প্ৰধান মন্ত্ৰী মোদীৰ বক্তব্য স্পষ্ট নহয়। ইপিনে প্ৰধান মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আৰু কয় যে বংগৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰৰ পৰা এটা দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সকলো বিভাগৰ ক্ষয়-ক্ষতি সন্দৰ্ভত বিস্ত´ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে। পশ্চিমবংগৰ ধবংসলীলা পৰ্যবেক্ষণৰ অন্তত প্ৰধান মন্ত্ৰী মোদীয়ে ভুৱনেশ্বৰৰ ওড়িশাত উপস্থিত হৈ আকাশমাৰ্গেৰে ক্ষয়-ক্ষতিৰ বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *