Sunday , September 20 2020
শেহতীয়া খবৰ

বগাপানী চাহ বাগিচাত বিদ্যালয় গৃহ নিৰ্মানৰ কাম শুভাৰম্ভ

মাইনু মৰাণ, ডুমডুমা , ১ ছেপ্টেম্বৰ :   চাহ বাগিচাৰ শিশুসকলৰ বাবে চৰকাৰে আগবঢ়োৱা শিক্ষাৰ প্ৰসাৰৰ ব্যৱস্থাৱলীৰ অংশ হিচাপে তিনিচুকীয়া জিলাৰ বগাপানী চাহ বাগিচাৰ নিম্ন প্ৰাথমিক বিদ্যালয়খন উচ্চ প্ৰাথমিক পৰ্যায়লৈ উন্নীত কৰিবলৈ  এটা ভৱন নিৰ্মানৰ শুভাৰম্ভ কৰে । তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষাৰ অভিযন্তা  উৎপল বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বাগিচাখনৰ প্ৰবন্ধক শ্যামল বৰণ সিনহাই  বন্তি প্ৰজ্জ্বলনেৰে আধাৰ শিলা স্থাপন কৰে। প্ৰবন্ধক গৰাকীয়ে চৰকাৰৰ এনে প্ৰচেষ্টাই বাগিচাখনৰ শিশুসকলক যথেষ্ঠ উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে । বাগিচা খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা উপ প্ৰবন্ধক সুনন্দ মুখ্যোপধ্যায়ে বিদ্যালয় ভৱন নিৰ্মানত আৱন্তিত চৰকাৰী পুজিৰ  সঠিক ব্যৱহাৰৰ দ্বাৰা নিৰ্মান  কাৰ্যত উপযুক্ত মানদণ্ড ৰক্ষা কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে । কাৰ্যসূচীত সমগ্ৰ শিক্ষাৰ  জিলা আচনি বিষয়া ত্ৰিদিব শৰ্মা তামুলীয়ে  চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা আচনি সমুহৰ সঠিক ৰূপায়নত বাগিচা কৰ্তৃপক্ষৰ  ভূমিকা আৰু স্থানীয় ৰাইজৰ দায়িত্ব সম্পৰ্কে  অৱগত কৰে  । জিলা প্ৰকল্প অভিযন্তা যজ্ঞেশ্বৰ বড়া আৰু জিলা আচনি বিষয়া ৰমেন বৰাইকেও অংশ গ্ৰহণ কৰি শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে । উল্লেখযোগ্য যে বিদ্যালয় উন্নীতকৰণৰ (upgradation) অংশ হিচাবে জিলাখনত সম্প্ৰতি আৰু  তিনিখন চাহ বাগিচা ক্ৰমে শিলিখা চাহ বাগিচা , তাৰা চাহ বাগিচা আৰু দিনজান চাহ বাগিচাত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱন নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *