Home অৰ্থনীতি বঙাইগাঁৱত চেম্বাৰ অৱ কমাৰ্চৰ সাধাৰণ সভা; প্ৰমাণ পত্ৰ বিতৰণ

বঙাইগাঁৱত চেম্বাৰ অৱ কমাৰ্চৰ সাধাৰণ সভা; প্ৰমাণ পত্ৰ বিতৰণ

170
0

বঙাইগাঁও, ৩১ জানুৱাৰীঃ বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে হোটেল জাহ্নৱীত অনুষ্ঠিত হৈ যায় ৷ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছতে আৰম্ভ হয় সাধাৰণ সভা ৷ বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি নিৰ্মল কুমাৰ বৈদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়া , বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল , বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ আৰু ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ জ্যেষ্ঠ প্ৰৱন্ধক গুৰুপদ হালদাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ তদুপৰি সভাত বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ উপদেষ্টাদ্বয় ক্ৰমে ডাঃ এচ কে দাস আৰু সুব্ৰত ঘোষেও নিজৰ বক্তব্যৰ যোগেদি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷সভাত চেম্বাৰ অৱ কমাৰ্চৰ সাংগঠনিক দিশৰ ওপৰত বক্তব্য আগবঢ়ায় সংগঠনটোৰ সাধাৰন সম্পাদক ধীৰাজ চক্ৰৱৰ্তীয়ে ৷ সভাত বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ সদস্যসকলৰ মাজত প্ৰমাণ পত্ৰও বিতৰণ কৰা হয় ৷ সভাত প্ৰায় দুই শতাধিক সদস্যক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here