Wednesday , September 23 2020
শেহতীয়া খবৰ

বঙাইগাঁৱৰ ১৬ বছৰীয়া কিশোৰীৰ দেহত কোৰোনা, অসমত কোৰোনাত আৰু দুজন আক্ৰান্ত

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ বঙাইগাঁৱত ১৬ বছৰীয়া কিশোৰীৰ দেহত ধৰা পৰিছে মাৰাত্মক কোৰোনা ভাইৰাছ। আজি অসমত আৰু দুজন কোৰোনাত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰে স্বাস্থ্য বিভাগে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জড়িয়তে প্ৰকাশ কৰে যে অসমত আৰু দুজন কোৰোনাত আক্ৰান্ত হৈছে।

ইয়াৰে এজন বঙাইগাঁৱৰ আৰু আনজন গোৱালপাৰাৰ বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ প্ৰকাশ কৰা অনুসৰি বঙাইগাঁৱ শলমাৰাৰ ১৬ বছৰীয়া কিশোৰী গৰাকী মাৰ্কাজত অংশ লোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল। আনহাতে গোৱালপাৰাত ধৰা পৰা কোৰোনা ৰোগীজনো নিজামুদ্দিন মাৰ্কাজত উপস্থিত থকাৰ লগতে কোভিড ১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংস্পৰ্শলৈ আহিছিল। ফলত অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ৩৭জনলৈ বৃদ্ধি পাইছে।

ইয়াৰে ২৭জনক ইতিমধ্যে হাস্পাতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে। বৰ্তমান অসমত এজন লোক কোৰোনাত মৃত্যু ঘটাৰ বিপৰীতে ৯জন কোৰোনা ৰোগী সক্ৰিয় অৱস্থাত আছে ৰাজ্যত।

Leave a Reply

Your email address will not be published. Required fields are marked *