Friday , September 25 2020
শেহতীয়া খবৰ

বনকৰা শিশুক শুই থাকোঁতে উতলাপানী ঢালি দিলে ডিব্ৰুগড়ৰ জেষ্ঠ চিকিৎসকে

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০২ ছেপ্টেম্বৰ :  চিকিৎসক সকলক আমাৰ সমাজত ভগৱানবুলি জ্ঞান কৰাৰ ধাৰণা লাহে লাহে লোপ পাবলৈ ধৰিছে বৰ্তমান সময়ত কিছুমান চিকিৎসকে চলাই যোৱা পাশৱিক কৰ্ম কাণ্ডৰ বাবে। বৰ্তমান তেনে এটা নিৰ্যাতনৰ ঘটনাই সমগ্ৰ ডিব্ৰুগড় কঁপাই তুলিছে। উল্লেখ্য যে, ডিব্ৰুগড়ৰ পূব মিলন নগৰৰ প্ৰতিম পথৰ নিবাসী ডা:সিদ্ধিপ্ৰসাদ দেউৰীৰ বাসগৃহৰ পৰা শিশু কল্যাণ সমিতি আৰু চাইল্ড লাইনে ইতিমধ্যে এটি ১২ বছৰীয়া বনকৰা শিশুক অকথ্য নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। জেষ্ঠ চিকিৎসক গৰাকীৰ বিৰুদ্ধে শিশু কল্যাণ সমিতিয়ে এজাহাৰ দাখিল কৰিছে যদিও ডিব্ৰুগড় আৰক্ষীয়ে বাতৰিলিখা পৰলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।প্ৰাপ্ত বাতৰি মতে, বনকৰা হিচাপে থকা নাবালক ল’ৰাজনক চিকিৎসকজনে প্ৰায়ে শাৰীৰিক মানসিক- নিৰ্যাতন কৰাৰ লগতে দুদিনমান পূৰ্বে সুৰামত্ত চিকিৎসকজনে শুই থকা অৱস্থাত শিশুটিৰ গাত উতলা পানী ঢালি দিছিল যাৰ ফলস্বৰূপে গাৰ কোমল ছাল বখলা বখলে এৰাই শিশুটিৰ বগা মঙহ ওলাই পৰিছে। উদ্ধাৰ কৰা শিশুটিক এদিনৰ বাবে ডিব্ৰুগড়ৰ প্ৰেৰণা শিশু গৃহত ৰাখি এতিয়া চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে শিশু কল্যাণ সমিতিৰ অৰ্পণা বৰাই। ২০১৯ বৰ্ষৰ এপ্ৰিল মাহতে যোৰহাটৰ পৰা চিকিৎসক জনে নিজে লৈ অহা ভূঞা উপাধিৰ শিশুটিক তেওঁৰ ঘৰত বনকৰা হিচাপে নিয়োজিত কৰিছিল। কিন্তু পৰিতাপৰ কথা যে, যেতিয়া শিশু কল্যাণ সমিতিৰ সদস্যই খবৰ পাই শিশুটি উদ্ধাৰৰ বাবে চিকিৎসক দেউৰীৰ ঘৰত উপস্থিত হোৱাৰ সময়ত নিৰ্লজ্জ ভাৱে শিশুটিক পৰিয়ালৰে দেউৰী উপাধিৰ বুলি ফাঁকি দিছিল আৰু পঢ়িবলৈ ৰাখিছে বুলিও মিছাকথা ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল উক্ত চিকিৎসকজনে। চিকিৎসক গৰাকীৰ পত্নী মিতালী কোঁৱৰ মৰাণ কলেজৰ অধ্যক্ষ। সমগ্ৰ ডিব্ৰুগড়বাসীয়ে উচ্চ শিক্ষিত তথা ভদ্ৰতাৰ মুখাপিন্ধা এনে অত্যাচাৰী দম্পতিৰ বিৰুদ্ধে ধিক্কাৰ দিছে আৰু এনে আইনবিৰোধী পাশৱিক কাণ্ড কৰাৰ পাছতো আৰক্ষীয়ে ইমান সময়ে কিয় গ্ৰেপ্তাৰ কৰা নাই তাৰ বাবে আশ্বৰ্য প্ৰকাশ কৰিছে।

( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা। )

Leave a Reply

Your email address will not be published. Required fields are marked *