শেহতীয়া খবৰ

বলিউড জগতক শোকৰ সাগৰত বোৰাই শেষ নিশ্বাস ত্যাগ ইৰফান খানৰ

মাতৃ ঢুকোৱাৰ কেইটামান দিনৰ পিছতে মুম্বাইত প্ৰখ্যাত অভিনেতাগৰাকীৰ মৃত্যু

মুম্বাইঃ বলিউড জগতক শোকৰ সাগৰত বোৰাই এইখন পৃথিৱীৰ পৰা মেলানি মাগিলে প্ৰখ্যাত অভিনেতা  ইৰফান খানে। ৫৩বছৰ বয়সত মুম্বাইৰ কোকিলাবেন হাস্পাতালত বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ইৰফান খানে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বলিউড জগতৰ লগতে সমগ্ৰ দেশত শোকৰ ছা পৰিছে। শোকত ভাগি পৰিছে তেওঁৰ দেশ-বিদেশৰ অনুৰাগীসকল। উল্লেখ্য যে মঙলবাৰে শৰীৰক অসুস্থতা অধিক জটিল হৈ পৰাত তেওঁক মুম্বাইস্থিত কোকিলাবেন হাস্পাতালৰ আই চি ইউত ভৰ্তি কৰা হৈছিল। সেই হাস্পাতালতে আজি প্ৰখ্যাত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
মঙলবাৰে ইৰফান খানৰ প্ৰৱক্তাই প্ৰকাশ কৰিছিল যে অভিনেতা গৰাকীৰ শাৰীৰিক অসুস্থতা জটিল হৈ পৰাত কোকিলাবেন হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ প্ৰৱক্তাৰ লগতে পৰিয়াল বৰ্গই ইয়াতকৈ বেছি কথা কোৱাৰ পৰা বিৰত আছিল। বিগত বৰ্ষত তেওঁ লণ্ডনত চিকিৎসা কৰি উভতিছিল। তাৰ পিছত অভিনেতা গৰাকীয়ে কোকিলাবেন হাস্পাতালৰ চিকিৎসকৰ তত্বাধানাত আছিল। হাস্পাতালখনৰ চিকিৎসকে তেওঁক দৈনিক চোৱা-ছিটা কৰি আছিল। তেওঁৰ অন্তিমখন ছবি ‘অংগ্ৰেজী মিডিয়াম’ৰ ছুটিং চলি থকাৰ  সময়ছোৱাতে ইৰফান খান কেইবাৰো অসুস্থ হৈ পৰিছিল। যাৰ বাবে ছবিখনৰ ছুটিংৰ কাম সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল।
পিছত তেওঁ সুস্থ হৈ উঠাত ছবিখনৰ ছুটিংৰ কাম পুনৰ আৰম্ভ হৈছিল।শেহতীয়াকৈ তেওঁৰ মাতৃ ছইদা বেগমৰো ৯৫বছৰ বয়সত জয়পুৰত মৃত্যু ঘটিছিল। কিন্তু তেওঁ দেশজুৰি চলি থকা লকডাউনৰ বাবে মাতৃৰ জনাজেত উপস্থিত থাকিব তথা হ’ব পৰা নাছিল। ভিডিঅ’ কলিংৰ সহায়ত মাতৃৰ জনাজেৰ কাৰ্য সম্পন্ন কৰিছিল ইৰফান খানে।  দীর্ঘদিনে নিউৰোএণ্ডক্ৰাইন টিউমাৰ(Neuroendocrine Tumors)ৰ সৈতে যুজঁ দি আছিল ইৰফান খানে।তেওঁ শেহতীয়াকৈ ইয়াৰ চিকিৎসা কৰি বিদেশৰ পৰা মুম্বাইলৈ উভতিছিল। দুবছৰৰ পূৰ্বে অৰ্থাৎ ২০১৮ৰ মাৰ্চত তেওঁ এই ৰোগত আক্রান্ত হোৱা বুলি গম পাইছিল। ইয়াৰ পিছত তেঁওৱে এই ৰোগত যে তেওঁ আক্ৰান্ত হৈছে সেই বিষয়ে অনুৰাগী সকলক ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱগত কৰে। তেওঁ টুইটাৰত লিখে-‘জীৱনত হৰঠাৎতে এনে কিছু হয়,যিয়ে আপোনাক আগুৱাই লৈ যায়।
মোৰ জীৱনৰ যোৱা কিছু দিন এনেকুৱাই হ’বলৈ ধৰিছে। মোৰ নিউৰোএণ্ডক্ৰাইন টিউমাৰ নামৰ বেমাৰ হৈছে। কিন্তু মোৰ কাষতে থকা লোকসকল মৰম আৰু ভালপোৱা শক্তিয়ে আগুৱাই যোৱাৰ নতুন শক্তি দিছে।’ এই ৰোগত আক্রান্ত হোৱাৰ কথা জানিব পাৰি তেওঁ উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ যায়। তাত তেওঁ এবছৰ এই ৰোগৰ চিকিৎসা কৰাৰ পিছত ২০১৯ৰ মাৰ্চত ভাৰতলৈ উভতি আহে। উল্লেখ্য যে তেওঁ এই ৰোগ তথা কেন্সাৰত আক্রান্ত হোৱাৰ কথা গম পোৱাৰ পিছত জীয়াই থকাৰ অদম্য হেঁপাহ আৰু বুকুত অশেষ দুখৰ বোজা বান্ধি লৈ নিজৰ টোকা বহিত লিখিছিল – মই বুজিব পাৰিছোঁ মই পৰাস্ত হৈছো। তেওঁ প্ৰৱক্তাই কয় কেন্সাৰত আক্রান্ত হৈ এনে দুখজনক কথা লিখিছিল ইৰফান খানে। আজি তেওঁ আমাৰ মাজত নাই। যিটো দুখজনক খবৰ। তেওঁ অত্যন্ত সাহসী আছিল।
জীৱনৰ শেষ সময়লৈ তেওঁ কেন্সাৰৰ সৈতে যুজঁ দি আছিল।তেওঁ সদায় তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক জীয়াই থকাৰ প্ৰেৰনা দিছিল। ২০১৮ত কেন্সাৰত আক্রান্ত হোৱাৰ পিছত তেওঁৰ জীৱনলৈ আহি পৰা সমস্যাৰ সমূহৰ সৈতে সাহসেৰে যুজঁ দিছিল। উল্লেখ্য যে বলিউডৰ ছবিত দাঙি ধৰা সুন্দৰ অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি বহু সন্মান অর্জন কৰিছিল। ২০১১ত তেওঁ পদ্মশ্ৰী সন্মানৰে সন্মানিত কৰা হৈছিল।তেওঁ অভিনয় কৰা ছবি সমূহৰ ভিতৰত আছে তলৱাৰ, চলাম বোম্বে, লাইফ অফ পাই, হিন্দী মিডিয়াম, অংগ্ৰেজী মিডিয়াম, পান সিং তোমৰ, ব্লেকমেল, শ্লমডাগ মিলেনিয়ৰ,মকবুল,হাছিল আদি। উল্লেখ তেওঁৰ মৃত্যুত বলিউডৰ অভিনেতা-অভিনেত্ৰীকে ধৰি বহুজনে শোক প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *