Friday , September 25 2020
শেহতীয়া খবৰ

বহিঃৰাজ্যত থকা অসমৰ লোকৰ সহায়ৰ বাবে প্ৰস্তুত ৰাজ্য চৰকাৰ

আৰ্থিক সাহায্য বিচাৰি ছয় লাখ মিছড কল, বৃহস্পতিবাৰৰ ভিতৰত প্ৰেৰণ কৰা হ’ব ধন
২,৫৭,০০০ লোকলৈ লিংক প্ৰেৰণ, ভেৰিফিকেচন পৰ্বত ৯০ হাজাৰজনৰ আবেদন

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈ আবদ্ধ হৈ পৰা লোকসকলক ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰেৰণ কৰিব বুলি উল্লেখ কৰি মুকলি কৰি দিয়া হেল্প লাইন নম্বৰত এতিয়ালৈকে ছয় লাখ মিছড কল আহিছে। অৱশ্যে মিছড কল অহা আৰু প্ৰকৃত লোকৰ সংখ্যাৰ মাজত পাৰ্থক্য আছে। বহুতে একাধিকবাৰ মিছড কল দিছে। সাম্প্ৰদিকভাৱে এতিয়ালৈকে বহিঃৰাজ্যত প্ৰায় তিনি লাখ লোক চিকিৎসা সূত্ৰে গৈ আবদ্ধ হৈ আছে বুলি কালি নিশা জানিবলৈ দিয়ে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীৰ এম এম চি আৰু জি এম চি হাস্পতালত কোৰোনা ৰোগীক চিকিৎসা প্ৰদানৰ পিছত কোৱাৰেনটাইনলৈ যোৱা চিকিৎসক তথা স্বাস্থ্য কৰ্মীক কালি নিশা তাজ ভিভান্তত সাক্ষাৎ কৰিবলৈ গৈ এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কালি তাজ ভিভান্তত উপস্থিত হৈ কোৱাৰেনটাইন তথা স্বাস্থ্য কৰ্মীক বিহুৰ শুভেচ্ছা তথা ফুলাম গামোচা, লাড়ু-পিঠা বিতৰণ কৰাৰ অন্তত সংবাদ মাধ্যমত এই কথা জানিবলৈ দি কয় যে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২,৫৭,০০০ লোকলৈ লিংক প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে ৯০ হাজাৰজনে ফৰ্ম ফিলআপ কৰি জমা দিছে।

ইতিমধ্যে ৰাজ্য চৰকাৰে সংশ্লিষ্ট উপায়ুক্তসকলক এই আবেদন পুনৰীক্ষণ কৰাৰ বাবে প্ৰেৰণ কৰিছে বুলি তেওঁ জানিবলৈ দি কয় যে অহা বৃহস্পতিবাৰৰ ভিতৰত প্ৰথম অৱস্থাত এই ৯০ হাজাৰজনৰ ভিতৰত একাংশ আৰ্থিক সাহায্য একাউণ্টযোগে প্ৰেৰণ কৰিব। আনহাতে কোৰোনা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম ৱেভত ৰাজ্য সুৰক্ষিত আছে যদিও অসমৰ ৰাইজে লকডাউনৰ নীতি-নিৰ্দেশনা নামানিলে নিমিষতে পট পৰিৱৰ্তন হৈ উঠিব পাৰে। সুৰাৰ দোকানত লানি নিছিগা ভিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ উল্লেখ কৰে যে একাংশ দোকানত এনে ভিৰ পৰিলক্ষিত হোৱাটো উচিত নহয়। লকডাউনৰ ব্যৱস্থাত থাকিলে ৰাজ্যবাসী সুৰক্ষিত থাকিব বুলি তেওঁ উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *