শেহতীয়া খবৰ

বহিঃৰাজ্যৰ পৰা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ দুখন কৈ বাছ ধুবুৰীত প্ৰৱেশ কৰাক লৈ চান্চল্য

দৈনিক গণঅধিকাৰ, ধুবুৰীঃ আজি পুৱাৰ ভাগত সুদূৰ পশ্চিমবংগৰ কোলকাতাৰ পৰা কোনো ৬০গৰাকী যাত্ৰীসহ ধুবুৰীলৈ আহি উপস্থিত হোৱা দুখনকৈ যাত্ৰীৱাহী বাছক লৈ চাঞ্চল্যৰ সৃষ্টি হয়৷ বাছদুখনৰ যাত্ৰীসকলৰ শ্ৰীৰামপুৰত স্ক্ৰীণিং টেষ্ট কৰা হোৱা-নোহোৱাৰ বিভ্ৰান্তিৰ মাজতে স্থানীয় বাছ আস্থানৰ সমীপত উপস্থিত হৈ আৰক্ষীয়ে ততাকৈয়াকৈ বাছসহ যাত্ৰীসকলক জিলাখনৰ অসম-বংগ সীমান্তৰ ছাগলীয়াস্থ স্ক্ৰিণিং কেন্দ্ৰলৈ নিয়ে৷

জানিব পৰানুসৰি কলকাতাৰ সমীপৰ বসিৰহাটৰ পৰা মুঠ ৬০ গৰাকী যাত্ৰীসহ ধুবুৰীলৈ আহি উপস্থিত হোৱা ডব্লিউ বি ৪১ জি ৫৩৪২ আৰু ডব্লিউ বি ৫৭ ছি-৯৫৪২ নম্বৰৰ বাছ দুখনত যাত্ৰীৰূপে নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় সমাৱেশত অংশগ্ৰহণ কৰা ১৩ গৰাকীকৈ যাত্ৰীও আছিল৷ মুঠ ১লাখ ৪০ হাজাৰ ভাৰাৰ বন্দোবস্তিৰে অহা বাছ দুখন শ্ৰীৰামপাৰৰ আন্তঃৰাজ্যিক সীমান্তেৰে অসমত প্ৰৱেশ কৰাৰ পিছত ধুবুৰীলৈ উপস্থিত হৈছিল৷

ইফালে ৰাজ্যত ক’ভিট আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বাঢ়ি থকাৰ সময়ত বহিঃৰাজ্যৰ পৰা কোনো ধৰণৰ সামাজিক দূৰত্ব বজায় অৱিহনে ৬০গৰাকী যাত্ৰীসহ দুখনকৈ বাছ অসমলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল এই ধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নও কিন্তু উত্থাপিত হোৱা পোৱা গৈছে এতিয়া৷

Leave a Reply

Your email address will not be published. Required fields are marked *