Friday , September 25 2020
শেহতীয়া খবৰ

বহুভাষিক কবি, গল্পকাৰ আৰু অনুবাদক মালক্ষ্মী বৰঠাকুৰলৈ মটিভেচনেল ষ্ট্ৰিপছ সংস্থা আৰু গুজৰাট সাহিত্য অকাদেমীৰ বিশিষ্ট সন্মান

গণবার্তা বিশেষ, যোৰহাট, ১৯ আগষ্ট  :  বহুভাষিক কবি, গল্পকাৰ আৰু অনুবাদক যোৰহাটৰ জীয়ৰী বৰ্তমান লক্ষ্ণও নিৰ্বাসি মালক্ষ্মী বৰঠাকুৰে ভাৰতৰ চৌসত্তৰ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ অন্যতম জনপ্ৰিয় সাহিত্যিক সংস্থা, মটিভেচনেল ষ্ট্ৰিপছ আৰু গুজৰাট সাহিত্য অকাদেমীয়ে যুটীয়া ভাৱে প্ৰদান কৰা সাহিত্যৰ বিশিষ্ট সন্মান লাভ কৰিছে। শ্ৰীমতী বৰঠাকুৰ এই সন্মান লাভ কৰা বিশ্বৰ 80খন দেশৰ 350 গৰাকী জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত লেখক-লেখিকাৰ মাজৰ এগৰাকী ।

মটিভেচনেল ষ্ট্ৰিপছ হৈছে বিশ্বৰ সৰ্বাধিক সক্ৰিয় লেখক সংস্থা আৰু সমগ্ৰ বিশ্বৰ 163 খন দেশৰ প্ৰতিস্থিত লেখক-সাহিত্যিক সকল এই সংস্থাৰ সদস্য। ভাৰতৰ চৌসত্তৰ সংখ্যক স্বাধীনতা দিৱসক বিশেষ ভাৱে উদযাপন কৰাৰ মানসেৰে এই সংস্থাই ভাৰতৰ অন‍্যতম সাহিত্য সংস্থা গুজৰাট সাহিত্য অকাদেমীৰ প্ৰতি সহযোগিতা আগবঢ়ায় আৰু সেই সহযোগিতাৰ অংশ হিচাপে উভয় সংস্থাৰ যৌথ তত্বাৱধানত বিশ্বৰ 350 গৰাকী বিশিষ্ট লেখক-লেখিকাক এই বিশিষ্ট সন্মান প্ৰদান কৰা হয়।

মটিভেচনেল ষ্ট্ৰিপছৰ সংস্থাপক তথা অধ‍্যক্ষ, শ্বীজু এইছ পল্লিথায়থে বিশ্ব-সাহিত‍্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ এই অৱদানৰ শলাগ লয়। গুজৰাট সাহিত্য অকাডেমিৰ অধ‍্যক্ষ পদ্মশ্ৰী ড: বিষ্ণু পাণ্ড‍্যয়াই কয় যে বিশ্বমানৰ এই দুই সাহিত্য সংস্থাৰ পাৰস্পৰিক সহযোগিতা আৰু এই বিশিষ্ট সন্মান প্ৰদানকাৰ্যসূচী বিশ্ব-সাহিত্যৰ ইতিহাসত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

মানৱীয় অনুভূতি, সুখ- দুখ, হাঁহি-কান্দোনক মূল উপজীৱ‍্য হিচাপে লৈ লিখা মালক্ষ্মী বৰঠাকুৰৰ কবিতা আৰু গল্পই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত লেখক- পাঠকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বেও শ্ৰীমতী বৰঠাকুৰে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা শ্ৰীমতী বৰঠাকুৰ লক্ষ্ণৌ নিৱাসী বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ ডঃ বিজু কুমাৰ ভাগৱতীৰ পত্নী, শিৱসাগৰৰ শ্ৰীমতী টুনী ভাগৱতীৰ বোৱাৰী আৰু যোৰহাট তৰাজানৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত শৰৎ চন্দ্ৰ বৰঠাকুৰ আৰু দিপালী বৰঠাকুৰৰ সৰু জীয়ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *