Home অসম বাংগালুৰুত বোকাখাতৰ যুৱকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু

বাংগালুৰুত বোকাখাতৰ যুৱকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু

32
0

গণ বাৰ্তা,বোকাখাত, ৩ মে’: দেশজুৰি বিভিষিকাময় পৰিবেশৰ সৃষ্টি কৰা সংহাৰী ক’ৰোণাই আজি বাংগালুৰুত প্ৰাণ ল’লেবোকাখাতৰ এজন যুৱকৰ৷ বোকাখাত সেউজীপাৰৰ অঞ্চলৰ যুৱক অঞ্জন বৰুৱাই আজি অতি শোকাবহভাৱে বাংগালুৰুৰ এখন চৰকাৰী হাস্পতালত মৃত্যুক সাৱটি লয়৷ উল্লেখ্য যে, অঞ্জন বৰুৱা নামৰযুৱকজনে বাংগালুৰু স্থিত ‘স্ক’প ইন্টাৰনেশ্যনেল’ নামৰ এটা কোম্পানীত কর্মৰত আছিল৷বাংগালুৰুৰ  চমেথানাহাল্লি নামৰ ঠাইত বাস কৰাযুৱকজনৰ গাত যোৱা ২৬ এপ্ৰিলত লক্ষণে দেখা দিছিল৷ হামগণ্ডানাহাল্লি চৰকাৰী হাস্পতালৰ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ বাবে ঔষধ নিদান দিয়াৰ লগতে পৰীক্ষাৰ পৰামর্শ দিয়ে৷ পৰীক্ষা কৰোৱাৰ পিছত ৩০ এপ্ৰিলত তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰে৷ হাস্পতালত বিছনাৰ অভাৱত হ’ম আইচলেচনত আছিল যুৱকজন৷ তাৰ পিছতযোৱা নিশা উশাহ-নিশাহত কষ্ট্ পায় আৰু হামগণ্ডানাহাল্লি চৰকাৰী হাস্পতাললৈ লৈ অহা হয়৷কিন্তু আজি পুৱাৰ পৰা হঠাৎ যুৱকজনৰ পালচ্ ৰেট হঠাৎ কমি যায় আৰু কৰুণ মৃত্যুক সাৱটিলয়৷ ইতিমধ্য‍ে ক’ভিড নির্দেশনা পালন কৰি তেওঁক পাণাথুৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰাবুলি জানিব পৰা গৈছে৷ মৃত্যুৰ সময়ত তেওঁ বাংগালুৰুত পত্নী শিল্পা বৰুৱাক এৰি গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here