Monday , September 21 2020
শেহতীয়া খবৰ

বাঘজানত দাওদাওকৈ জ্বলিয়েই থাকিব নেকি তৈল খাদৰ জুইকুৰা , আজি আন এক জুই

বাঘজানৰ পৰা মাইনু মৰাণ, ডুমডুমা, ২ আগষ্ট :  তিনিচুকীয়া জিলাৰ বাঘজান গাৱঁস্থিত বি জি আৰ-৫ নং তৈল খাদত  দাওদাওকৈ জ্বলি থকা বিধ্বংসী জুইকুৰা নিৰ্বাপিত নহবই নেকি ? উল্লেখযোগ্য যে ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ আৰু বড়োদা অইল এণ্ড গেছ কোম্পানীৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদৰ ৱেল হে’ডটোত ব্ল-আউট নিয়ন্ত্ৰিত বি অ’ পি’টো সংস্থাপন কৰাৰ অন্তিম চেষ্টা কৰিও বিফল হৈছে ৷ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ-৫ নং তৈল খাদটোত বি অ’ পি’টো সংস্থাপিত কৰাৰ কামত নিয়োজিত বিশেষজ্ঞ দলটোক ডিজিটেল মাধ্যমেৰে ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ ব্ল-আউট নিয়ন্ত্ৰিত এক্সপাৰ্ট কোম্পানীটোৰ টীম এটাই ছিংগাপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰি থকাৰ পিছতো আজি বিশেষজ্ঞ দলটোৱে দাওদাওকৈ জ্বলি থকা তৈল খাদটোত বি অ’ পি’টো সংস্থাপিত কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইয়াৰ বিপৰীতে বিদেশী বিশেষজ্ঞ দলটোৱে তৈল খাদটোত ব্ল-আউট নিয়ন্ত্ৰিত বি অ’ পি’টো সংস্থাপিত নোহোৱা পৰ্যন্ত অভিযান চলাই যাব বুলি অইল কৰ্তৃপক্ষই উল্লেখ কৰিছে যদিও বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজে আস্বস্ত হব পৰা নাই ৷
ইপিনে, বাঘজানত আজি দুপৰীয়া জ্বলি উঠা অন্য একুৰা জুইয়ে  বাঘজানবাসীক শংকিত কৰি তোলে। বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তেল খাদৰ সমীপৰে মাগুৰি মতাপুং বিলৰ ঘাঁহনিত অগ্নিকাণ্ড সংঘটিত হয়।  দাও দাও কৈ জ্বলি উঠা জুই দেখি বাঘজান অঞ্চলত আতংকৰ সৃষ্টি কৰে।  পিছত জুই নিবাৰ্পিত হয়। উল্লেখযোগ্য যে, বাঘজানত থকা অইলৰ বি জি আৰ ৫ নং তেল খাদত অগ্নিকাণ্ড সংঘটিত হোৱাৰ দিনৰ পৰা পাইপেৰে নিৰ্গত হৈ থকা খাৰুৱা তেলৰ চিটিকণী পৰি এলেকাটো তেলীয়া হৈ পৰে। নিতৌ খাৰুৱা তেল পৰি নিগৰি  আছিল। আজি  বহুত ৰদৰ তাপ আৰু গৰম হয়। কিবা বিজুটি ঘটি  বা কোনোবাই জ্বলাই দিয়াৰ বাবেই আজি ঘাঁহনি অংশ জ্বলি উঠে। যিটোৱে বাঘজানৰ ৰাইজক সচকিত কৰি তোলে। ■ লোকবিশ্বাস অনুসৰি মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশত তিনিচুকীয়া জিলা প্ৰশাসনে বাঘজানৰ পৰা ৫ কিলোমিটাৰ নিলগত থকা দহোটীয়া গাৱঁৰ কৃষ্ণ ভূজ সমন্বয় ক্ষেত্ৰত নেদেখাজনৰ ওচৰত বিধান বিছাৰি পূজা অৰ্চনা সম্পন্ন কৰে ৷ ইয়াৰ পূৰ্ৱেও অইলে তৈল খাদত পূজা অৰ্চনা কৰিছিল  ৷ উল্লেখযোগ্য যে বাঘজানৰ জুইকুৰা নিৰ্বাপিত কৰিবলৈ বাঘজানবাসীয়ে নেদেখাজনক সন্তুষ্ট কৰিবলৈ চাৰিবাৰ পূজাভাগ আগবঢ়োৱাৰ বিপৰীতে অইলে এবাৰ আৰু  জিলা প্ৰশাসনে দহোটীয়া গাৱঁৰ কৃষ্ণ ভূজ সমন্বয় ক্ষেত্ৰত পূজা এভাগ আগবঢ়ায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *