Thursday , August 13 2020
শেহতীয়া খবৰ

বাঘজানত বি অ’ পি সংস্থাপনৰ বাবে ডাঙি নিয়া ক্ৰেন ভাগি দ্বিখণ্ডিত 

জুইনুমুৱা শেষ প্ৰস্তুতিত  পুনৰবাৰ যতি পৰিল ৷

গণ বাৰ্তা: ডুমডুমা :   তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্ৰৰ বি জি আৰ-৫ তেল খাদত জুই নুমুৱাবলৈ অহা বিদেশী বিশেষজ্ঞ দলে  আজি দুপৰীয়া তেল খাদটোৰ ৱেল হে’ডত বি অ’ পি’ ( ব্ল-আউট প্ৰিভেন্টাৰ) সংস্থাপন কৰিবলৈ লওঁতেই বি অ’ পি’টো দাঙি ধৰা এথেৱাগ’ন (Athewagon) নামৰ ৩০ টন ওজন ক্ষমতা সম্পন্ন ক্ৰেনখন মাজতে ভাগি দ্বিখণ্ডিত হৈ পৰা বুলি জানিব পৰা গৈছে ৷ ক্ৰেংখন ভাগি পৰাৰ লগতে ২৩ টন ওজনৰ বিশেষ ভাবে নিৰ্মিত বি অ’ পি’টো বিস্তৰ ক্ষতিসাধন হয় ৷ দুৰ্ঘটনাত পতিত ক্ৰেংখন বিয়লি দাওদাওকৈ জুইকুৰা মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰিতে আনহাতে দুটুকুৰা বি অ’ পি’টোৰ এটা অংশ ৩ বজাত উদ্ধাৰ কৰে। এটা অংশ সন্ধিয়া উদ্ধাৰ কৰিবলৈ হয় ৷ উল্লেখযোগ্য যে ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ মেনেজমেণ্ট, অএনজিচি’ বড়োদা আৰু অইলৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদৰ ৱেল হে’ডটোত ব্ল-আউট নিয়ন্ত্ৰণৰ বাবে বি অ’ পি’টো সংস্থাপন কৰাৰ আজি অন্তিম চেষ্টা চলাইছিল ৷ বিশেষজ্ঞ দলটোৱে বিপদসংকুল পৰিস্থিতিত ছয় ঘন্টা অভিযান চলাই দাওদাওকৈ জ্বলি থকা জুইকুৰা মাটি ভাগৰ পৰা ৩৪ ফুট ওপৰলৈ ঠেলি লৈ খাদটোত বি অ’ পি’টো সংস্থাপন কৰিবলৈ ক্ৰেংখনেৰে ৱেল হে’ডটোত নমাবলৈ লওঁতেই ক্ৰেংখন ভাগি দুটুকুৰা হৈ বাগৰি পৰে ৷ ক্ৰেংখন ভাগি পৰা লগে লগে তৈল খাদটোৰ সকলো কাম স্থবিৰ হৈ পৰে ৷ প্ৰায় ডেৰঘন্টাৰ পিছতহে বিশেষজ্ঞ দলটোৱে ভগা ক্ৰেংখনৰ লগতে বি অ’ পি’টো উদ্ধাৰ অভিযানত নামে ৷ বিদেশী বিশেষজ্ঞ দলটোৱে তৈল খাদটোত ব্ল-আউট নিয়ন্ত্ৰিত বি অ’ পি’টো সংস্থাপিত নোহোৱা পৰ্যন্ত অভিযান চলাই যাব বুলি অইল কৰ্তৃপক্ষই উল্লেখ কৰিছে যদিও বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজে আস্বস্ত হব পৰা নাই ৷  ইফালে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আদায় নিদিয়াৰ ক্ষোভত বাঘজান-দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্ৰয় শিবিৰৰ চৌহদত যোৱা ২৯ জুলাইৰ পৰা গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন আমৰণ অনশন সাময়ীকভাৱে উঠাই লোৱা বুলি সদৰী কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *