Thursday , August 13 2020
শেহতীয়া খবৰ

বাঘজানৰ বিধ্বংসী অগ্নিকাণ্ড আৰু দুগৰাকী চৰকাৰী বিষয়া

মাইনু মৰাণ: ডুমডুমা: ২ আগষ্ট : তিনিচুকীয়া জিলাৰ বাদে ৰাজ্যৰ আন জিলা নতুবা চৰকাৰেই ভালদৰে চিনি নোপোৱা( বান- খহনীয়া, এশ এবুৰি সমস্যাৰে জৰ্জৰিত) বাঘজানক এতিয়া সকলোৱে চিনি পায়। এক প্ৰকাৰে বাঘজানক সমগ্ৰ বিশ্বতে কম বেছি পৰিমাণে জনা হল । কাৰণ বাঘজানত বিধ্বংসী জুই। অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানত থকা বি জি আৰ ৫ নং তেল খাদত বিগত ২৭ মে’ ত তেল- গেছ নিৰ্গত হোৱাৰ উপৰিও প্ৰচণ্ড শব্দ প্ৰদূষণ সৃষ্টি হয়। আনহাতে ৯ জুনত বিস্ফোৰণ হৈ অগ্নিকুণ্ডলৈ পৰিণত হৈ পৰে সমগ্ৰ বাঘজান অঞ্চল। বাঘজানত সৃষ্টি হল এক অভাৱনীয় পৰিবেশ- পৰিস্থিতি । ঘটনাটোৱে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তোলে। অগ্নিকাণ্ড সংঘটিত হোৱা দিনৰে পৰা বাঘজানলৈ বহু নেতা, মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়া-কৰ্মচাৰীলৈকে লোকেই আহিল আৰু গল। বহুতে জুই নুমোৱাৰ আশ্বাসো দিলে। জুই হলে আজি পৰ্যন্ত নুনুমালে। কিন্তু ঘটনা সংঘটিত হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত দুগৰাকী দায়িত্ব প্ৰাপ্ত চৰকাৰী বিষয়াই সুকলমে নিজৰ দায়িত্ব পালন কৰি গৈছে। আইন শৃংখলাজনীত কাৰণতেই হওক বা আন আইনী কিবা কাৰণতেই হওক এই চৰকাৰী বিষয়া দুগৰাকীয়ে নিতৌ বাঘজানত উপস্থিত হৈ পৰিবেশ পৰিস্থিতি নিৰীক্ষণ কৰে। বিষয়া দুগৰাকী ক্ৰমে তিনিচুকীয়া জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়া আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়া স্বৰূজ সোনোৱাল। বিতুল চেতিয়া আৰু স্বৰূজ সোনোৱালে নিজৰ ঘৰুৱা সমস্যাৰ দৰে বাঘজানবাসীৰ কাষত নিতৌ পুৱাই বাঘজানত উপস্থিত হয় আৰু নিশা এপৰত উভতি আহে। আনকি বিষয়া দুগৰাকীয়ে আন কামো সমান্তৰাল ভাৱে চলাই গৈছে। বাঘজানত দায়িত্ব প্ৰাপ্ত চৰকাৰী বিষয়া দুগৰাকীৰ কষ্ট- ত্যাগক বহুতে শলাগ লৈছে। বাঘজানৰ নিবাসীৰ দৰে হৈ পৰা চৰকাৰী বিষয়া দুগৰাকীয়ে অৱশ্যে জন সম্পৰ্কও গঢ়ি তুলিছে। অসম আৰক্ষী আৰু প্ৰশাসন যে ৰাইজৰ দূৰত নহয়, সেই কথাও বিষয়া দুগৰাকীয়ে চৰকাৰী দায়িত্ব পালন কৰাৰ উপৰিও বাঘজানত তাকে প্ৰমাণিত কৰি দেখুৱাইছে। উল্লেখযোগ্য যে, তিনিচুকীয়া আৰক্ষীৰ উপ – আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত বিতুল চেতিয়াই শিৱসাগৰৰ মগৰাহাটত জন্ম গ্ৰহণ কৰিছিল। তেখেতে গড়গাঁও কলেজৰ সহকাৰী অধ্যাপক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ ২০১৩ বৰ্ষত অসম আৰক্ষী সেৱাত নিৰ্বাচিত হৈ ক্ৰমে শদিয়া, বোকাখাটত মহকুমা আৰক্ষী বিষয়া হিচাপে কাম কৰি আহি বৰ্তমান তিনিচুকীয়াত উপ – আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে, তিনিচুকীয়া জিলাৰ ৰূপাই বিজয় নগৰত জন্ম গ্ৰহণ কৰা স্বৰূজ সোনোৱালে ২০১৬ বৰ্ষত অসম প্ৰশাসনিক সেৱাত নিৰ্বাচিত হৈ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহি তিনিচুকীয়াত নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অন্যহাতেদি, বাঘজান কাণ্ডই ৬৪ দিন আৰু অগ্নিকাণ্ড সংঘটিত হোৱা আজি ৫৩ দিন অতিক্ৰম কৰিলে। অগ্নিকাণ্ড নুমোৱাৰ কোনো উম ঘামেই ওলোৱা নাই। আজি নুমাব, কাইলৈ নুমাবকৈয়ে দিন পাৰ হৈ গৈ আছে। তৈল খাদটোৰ জুই নিৰ্বাপনৰ দায়িত্ব লাভ কৰা ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ আৰু বড়োদা অইল এণ্ড গেছ কোম্পানীৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে খাদটোৰ জুই নিবাৰ্পণ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও জুই নিৰ্বাপিত কৰিব পৰা নাই ৷ ভূঃগৰ্ভৰ পৰা ৪,২০০ মিটাৰ গভীৰতাৰ পৰা ১৮ ইঞ্চি বহল পাইপেৰে ঘন্টাত ৪,৭৫০ ঘনমিটাৰ গতিবেগত গেছ আৰু কণ্ডেনছেট নিৰ্গত হৈ থকা পাইপত জুই নিৰ্বাপনৰ বাবে বি অ’ পি’টো (ব্ল-আউট প্ৰিভেন্টাৰ) সংস্থাপিত কৰাৰ বাবে যুঁজি আছে। বিশেষজ্ঞ দলটোৱে যোৱা ২৪ জুলাইত গেছ আৰু কণ্ডেনছেট অইল নিৰ্গত পাইদালত ’স্মক ষ্টেট’ চিমনি এটা সংস্থাপিত কৰি জুইকুৰা ৩৪ ফুট ওপৰলৈ নি তলত বিপদসংকুল পৰিস্থিতিত ১৮ ইঞ্চি পাইপডালত বি অ’ পি’টো (ব্ল-আউট প্ৰিভেন্টাৰ) সংস্থাপিত কৰিব পৰা কাৰিকৰী কাম সমূহ প্ৰায় সম্পন্ন কৰি তুলিছিল যদিও বি অ’ পি’টো সংস্থাপিত কৰিবলৈ সক্ষম হোৱা নাই । বি অ পি সংস্থাপিত কৰিলেই জুই নিজৰ নিয়ন্ত্ৰণলৈ আহিব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *