Thursday , August 13 2020
শেহতীয়া খবৰ

বাঘজানৰ বি জি আৰ-৫ তৈল খাদত বি অ’ পি স্থাপন কৰিব পৰা নাই বিশেষজ্ঞই

অইলৰ বিৰুদ্ধে গৰজি উঠিছে বাঘজান-কৰ্দৈগুৰিৰ জনতা

অইলৰ ভুলৰ বাবেই অগ্নিকাণ্ড সংঘটিত : বিশেষজ্ঞ কমিটিৰ প্ৰাথমিক প্ৰতিবেদনত সেই কথা স্পষ্ট

বাঘজানৰ পৰা মাইনু মৰাণ : ডুমডুমা, ২৯ জুলাইঃ  তিনিচুকীয়া জিলাৰ বাঘজান গাৱঁস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ-৫ নং তৈল খাদত এতিয়াও জ্বলি থকা জুইকুৰা নুমোৱাবলৈ সক্ষম হবনে ? বাঘজানবাসীৰ প্ৰশ্ন এইয়া। জুই জ্বলিয়েই আছে। শব্দ হৈয়েই আছে। ভূ কম্পন চলি আছে। তৈল খাদটোৰ জুই নিৰ্বাপনৰ দায়িত্ব লাভ কৰা ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ আৰু বড়োদা অইল এণ্ড গেছ কোম্পানীৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে খাদটোৰ জুই নিবাৰ্পণ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও নিৰ্বাপিত কৰিব পৰা নাই ৷ ভূঃগৰ্ভৰ পৰা ৪,২০০ মিটাৰ গভীৰতাৰ পৰা ১৮ ইঞ্চি বহল পাইপেৰে ঘন্টাত ৪,৭৫০ ঘনমিটাৰ গতিবেগত নিৰ্গত হৈ থকা গেছ আৰু কণ্ডেনছেট নিৰ্গত পাইপত জুই নিৰ্বাপনৰ বাবে বি অ’ পি’টো (ব্ল-আউট প্ৰিভেন্টাৰ) সংস্থাপিত কৰাৰ বাবে যুঁজি আছে। বিশেষজ্ঞ দলটোৱে যোৱা ২৪ জুলাইত গেছ আৰু কণ্ডেনছেট অইল নিৰ্গত পাইদালত ’স্মক ষ্টেট’ চিমনি এটা সংস্থাপিত কৰি জুইকুৰা ৩৪ ফুট ওপৰলৈ নি তলত বিপদসংকুল পৰিস্থিতিত ১৮ ইঞ্চি পাইপডালত বি অ’ পি’টো (ব্ল-আউট প্ৰিভেন্টাৰ) সংস্থাপিত কৰিব পৰা কাৰিকৰী কাম সমূহ প্ৰায় সম্পন্ন কৰি তুলিছিল যদিও বি অ’ পি’টো সংস্থাপিত কৰিবলৈ সক্ষম হোৱা নাই । ইফালে, অইল কোম্পানীটোৰ অভিযন্তাৰ ভুলৰ বাৱে ঘৰবাৰী জ্বলি ছাৰখাৰ হৈ যোৱাৰ পিছতো ৫১ দিন ধৰি ক্ষতিগ্ৰস্ত লোকসকলে ক্ষতিপূৰণৰ ধন আজিও লাভ কৰিবলৈ সক্ষম নহ’ল ৷ তদুপৰি তৎকালীন ৩০ হাজাৰ টকাও গৰিষ্ঠ সংখ্যক ক্ষতিগ্ৰস্তই আজি পৰ্যন্ত লাভ নকৰিলে ৷ ঘৰবাৰী সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বাঘজান গাৱঁৰ ১১ পৰিয়ালক ২০ লাখ টকাকৈ চেক প্ৰদান কৰিয়েই ক্ষতিপূৰনৰ দিশটো সামৰা বুলিহে ৰাইজে অভিযোগ উত্থাপিত কৰিছে। বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক উচিত ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থাই দাবী জনাইছে। সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক মুনিন দুৱৰাই বাঘজানৰ ক্ষতিগ্ৰস্তক অইলে শীঘ্ৰে ক্ষতিপূৰণ মুকলি কৰি নিদিলে প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি সকীয়াই দিয়াৰ লগতে জৰীপ নকৰা ক্ষতিগ্ৰস্ত সকলৰ ক্ষতিৰ জৰীপ অনতিপলমে কৰিবলৈকো দাবী জনাইছে। আনহাতে, বাঘজানৰ কেইবাটাও চুবুৰিত ক্ষয়ক্ষতিৰ জৰীপ নচলোৱাৰ অভিযোগ তুলি বাঘজান ১২ নং লাইনৰ বাসিন্দাসকলে ১ নং বাঘজান গাওঁ প্ৰাথমিক বিদ্যালয়ৰ তিনি আলিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছিল । ইপিনে, অইল ইণ্ডিয়া লিমিটেডৰ গাড়ী চলাচল কৰাৰ ফলত তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি অঞ্চলৰ বাট-পথ ভাঙি পেলোৱাৰ অভিযোগ তুলি কৰ্দৈগুৰিৰ গটং গাৱঁবাসীয়েও গটং গাৱঁত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ অইল কৰ্তৃপক্ষই গটং গাৱঁৰ বাট-পথ মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত গাঁওবাসী ক্ষুব্ধ হৈ পৰিছে ৷ প্ৰতিশ্ৰুতি মতে অইল কৰ্তৃপক্ষই কৰ্দৈগুৰিৰ গটং গাৱঁৰ লগতে অঞ্চলটোত বাট-পথবোৰ মেৰামতি কৰি নিদিলে কৰ্দৈগুৰিত অনিৰ্দিষ্টকাললৈ অইলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও স্পষ্ট কৰি দিছে ৷ উল্লেখযোগ্য যে, অইলৰ ভুলৰ বাবেই যে বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হল, সেয়া ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰনে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰাথমিক প্ৰতিবেদনত স্পষ্ট হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, অইলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্রচিডিঅ’ৰ ( এছ অ পি) উলংঘা কৰাৰ বাবেই এই কাণ্ড সংঘটিত হয়। বি অ’ পি আঁতৰোৱাৰ সময়ত ছেকেণ্ডাৰী ছেফটি ৱেৰিয়াৰৰ পৰীক্ষা কৰা হোৱা নাছিল বুলিও সদৰী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *