Monday , September 21 2020
শেহতীয়া খবৰ

বাঘজান, ক’ভিড-১৯ আৰু ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে ৰাজ্যপালৰ সৈতে আলোচনা  মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৪ জুন ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক ৰাজভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে বাঘজানৰ গেছকূপৰ অগ্নি নিৰ্বাপণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ, ক্ষতিগ্ৰস্ত লোকসকলক আগবঢ়োৱা সহায়-সহযোগিতা ইত্যাদি বিষয়সমূহ ৰাজ্যপালক অৱগত কৰে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ সাম্প্ৰতিক ক’ভিড-১৯ৰ পৰিস্থিতি তথা ৰাজ্য চৰকাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যপালক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক অৱগত কৰে যে ক্ৰমবৰ্দ্ধমান ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ তথা কোৱাৰেণ্টাইন আৰু আইছ’লেটেড ৱাৰ্ডৰ সা-সুবিধা বৃদ্ধিৰে এই পৰিস্থিতিৰ সৈতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ভালদৰে মোকাবিলা কৰি আছে। আলোচনাকালত মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ সৃষ্ট লকডাউনৰ ফলত ৰাজ্যখনৰ দুৰ্বল অৰ্থনীতি শক্তিশালী কৰাৰ বাবে লোৱা অৰ্থনৈতিক কাম-কাজসমূহৰ বিষয়েও ৰাজ্যপালক অৱগত কৰে। আলোচনাকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও ৰাজ্যপালক অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *