Thursday , August 13 2020
শেহতীয়া খবৰ

বাঘমাৰাচৰত গা ধূবলৈ গৈ শিশুৰ সলিল সমাধি

গণবাৰ্তা, নগৰবেৰাঃ সমগ্ৰ ৰাজ্যতে বানৰ বিভিষীকা চলি থকাৰ মাজতে আজি নামনি অসমৰ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত আজি এগৰাকী এঘাৰ বছৰীয়া শিশু বানপানীত ডুবি সলিল সমাধি ঘটাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, জিলা খনৰ উল্লেখিত আৰক্ষী থানাৰ এলেকাধীন ৪ নং বাঘমাৰাচৰ গাঁওৰ বাসিন্দা গোলাপ হুছেইনৰ পুত্ৰ আফজাল হুছেইনে সমনীয়াৰ সৈতে ওচৰৰে নদী এখনত গা ধূবলৈ গৈ হঠাৎ নিৰুদ্দেশ হয়। আফজাল হুছেইনৰ সমনীয়া সকলে গা ধূই থকা অৱস্থাত তেওঁক দেখা নাপাই হুৱাদুৱা লগায় আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে। পিছত স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বহু সময় বিচাৰ খোচাৰ কৰাৰ পিছত ঘটনাস্থলীৰ কিছু দূৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে। শিশুটিৰ এনে মৃত্যুত পৰিয়ালৰ লোকে শোকত ভাগি পৰাৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *