Sunday , September 20 2020
শেহতীয়া খবৰ

বানাক্ৰান্তক উপযুক্ত সাহায্য প্ৰদানৰ দাবী ছাত্ৰ মুক্তিৰ

পুলেন্দ্ৰ দাস, বৰপেটাঃ ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ কবলত পৰা লোকসকলক সঠিক সময়ত উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বানাক্ৰান্ত লোকসকলক অচিৰেই উপযুক্ত সাহায্য প্ৰদানৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে প্ৰেছ বিবৃতিত কয়- ‘কোৰোনা মহামাৰীৰ মাজতেই ৰাজ্যখনত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে । লাখ লাখ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । কিন্তু এতিয়ালৈ বানাক্ৰান্ত লোকৰ মাজত কোনোধৰণৰ চৰকাৰী সাহায্য প্ৰদান কৰাৰ খবৰ পোৱা নাই । এয়া সোণোৱাল চৰকাৰৰ চূড়ান্ত গাফিলতি আৰু অৱহেলা। অতিশীঘ্ৰে চৰকাৰ, প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই বানাক্ৰান্ত লোকসকলক সকলো ধৰণৰ উপযুক্ত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰক।’  ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে জনীয়া বিধানসভা সমষ্টি আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী, কাছুকাটি, চৰচৰিয়া, বৰডাঙা, বলাইপাথাৰ, লাছাঙ্গা, গুইলজাৰ, খাৰবাল্লী, বেছিমাৰী, কামাৰপাৰা, আমগুৰি, ছনপুৰাকে আদি কৰি ৪০খনতকৈও অধিক গাঁও বেঁকী নদীৰ ভয়াৱহ বানপানীৰ কবলত পৰাৰ কথা বৰপেটা জিলাৰ উপায়ুক্তক অৱগত কৰি বানাক্ৰান্ত লোকসকলক শীঘ্ৰে উপযুক্ত সাহায্য প্ৰদানৰ দাবী জনোৱা বুলি উল্লেখ কৰে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই দাবীৰ পিছতেই বৰপেটা জিলাৰ উপায়ুক্তই কলগাছিয়া ৰাজহ চক্ৰ বিষয়াক বানাক্ৰান্ত লোকসকলক উপযুক্ত সাহায্য প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি বিবৃতিটোত উল্লেখ কৰে । আনহাতে বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডাউকমাৰী, বাংলীপাৰা, বাংলীপাৰা ৰিজাৰ্ভ, জনীয়া ১ নং ৱাৰ্ড, ছনপুৰা, কালামপুৰ, কাদং চৰ, সোণাপুৰ চৰ আৰু ৰচুলপুৰ আদি গাঁও ভয়াৱহ বানপানীৰ কবলত পৰিছে বুলি বিবৃতিটোত উল্লেখ কৰি বানাক্ৰান্ত লোকসকলক শীঘ্ৰে উপযুক্ত সাহায্য প্ৰদানৰ বাবে আহ্বান জনায় ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল ইছলামে।

Leave a Reply

Your email address will not be published. Required fields are marked *