শেহতীয়া খবৰ

বিজেপিৰ দখলত থকা চাবুৱাত চলিছে ২১ৰ আখৰাঃ কংগ্ৰেছৰ যুৱ নেতা পুলকেশ সাজু দিছপুৰ গমনৰ বাবে

গণ বাৰ্তা, ডিব্ৰুগড়, ২৯ জুনঃ কোৰোনা মহামাৰী আৰু বানৰ তাণ্ডৱৰ মাজতে ৰাজ্যত চলিছে শাসক বিৰোধীৰ বিধানসভা নিৰ্বাচনৰ তৎপৰতা। পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে শাসকীয় বিজেপি দলে ইতিমধ্যে ৰাইজৰ ওচৰ চাপিবলৈ জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে। আনহাতে প্ৰধান বিৰোধী কংগ্ৰেছে প্ৰেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি, ক’ৰোনাক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ ওচৰ চপাৰ চেষ্টা কৰিছে। একপ্ৰকাৰ শাসক-বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ যেনেকৈয়ে নহওক চলাই গৈছে। বিজেপিৰ এনে তৎপৰতাৰ মাজতে উজনিত কংগ্ৰেছে যুৱ প্ৰজন্মক আগত ৰাখি নিৰ্বাচনী যুঁজ দিবলৈ সাজু হৈছে। আনহে নালাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ গৃহ সমষ্টি চাবুৱাত কংগ্ৰেছে চলাইছে ব্যাপক তৎপৰতা। বিজেপিৰ দখলত থকা সমষ্টিটোত এইবাৰ এগৰাকী যুৱ নেতাই কাষ চাপিছে ভোটাৰৰ। দীৰ্ঘ সময় কংগ্ৰেছৰ ভাতৃ সংগঠনৰ নেতৃত্বত থকা নেতাজনে কংগ্ৰেছক শক্তিশালী কৰিবলৈ দিনে-নিশাই ৰাইজৰ সুখ-দুখৰ খবৰ ৰাখিছে। কংগ্ৰেছ দলৰ চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু আৰু চাবুৱা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি তথা যুৱ সমাজকৰ্মী হিচাপে পৰিচিত পুলকেশ শইকীয়াই ক’ৰোনাৰ এনে ভয়াৱহতাৰ মাজতো নিৰ্বাচনী কুচকাৱাজ চলাই গৈছে। জানিব পৰা মতে প্ৰদেশ কংগ্ৰেছে এইবাৰ নতুন মুখৰ সন্ধান কৰিছে চাবুৱা সমষ্টিত। তেনে ক্ষেত্ৰত দলৰ নিষ্ঠাৱান কৰ্মী তথা চাবুৱাৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে চাবুৱাৰ সমষ্টিত টিকট পোৱাটো খাটাং হৈ পৰিছে বুলি চৰ্চা চলিছে। পুলকেশে ৰাইজে বিচাৰিলে মই নিৰ্বাচনৰ বাবে সাজু বুলি কৈ ৰাইজক সেৱা কৰিয়েই আছো বুলি কয়। এই ক্ষেত্ৰত যুৱ কংগ্ৰেছৰ ৰাজ্যিক নেতৃবৃন্দৰ নিৰ্দেশত আগন্তুক ২০২১ চনৰ নিৰ্বাচনৰ আখৰা চলাই গৈছে পুলকেশ শইকীয়াই। এইবাৰ চাবুৱাৰ ৰাইজেও সমষ্টিত দক্ষ তথা শিক্ষিত বিধায়ক চাবুৱাৰ পৰা বিচাৰিছে বুলি চৰ্চা চলিছে। তেনে ক্ষেত্ৰত পুলকেশ শইকীয়াৰ নামটো ৰাইজৰ মাজত বেছিকে চৰ্চা হোৱা দেখা যায়। চাবুৱাৰ বিৰ্তকিত বিধায়ক তথা ‘কা’ গৃহীত হলে বিধায়ক পদ এৰিম বুলি বিহুত মঞ্চত ৰাজহুৱা ঘোষণা কৰা বিনোদ হাজৰিকাক ২০২১ৰ নিৰ্বাচনত চাবুৱাৰ জাতীয়তাবাদী ৰাইজে ভোট দিব নে যুৱ নেতা পুলকেশ শইকীয়াক ভোট দিব সেয়া সময়হে ক’ব। কিন্তু এটা কথা খাতাং এইবাৰ বিনোদ হাজৰিকাৰ পুনৰ বিধায়ক হোৱাৰ পথ মসৃণ হৈ থকা নাই। কিন্তু এই সময়ত ৰাইজৰ মাজত চৰ্চাত আছে পুলকেশ শইকীয়াৰ নাম। আনহাতে বিধায়ক বিনোদ হাজৰিকাৰ সমষ্টি চাবুৱাত ‘কা’ আন্দোলনকাৰীৰ অত্যাধিক জেল গমন, নিৰাপত্তাৰক্ষীৰ তীব্ৰ প্ৰহাৰ আদি বিষয় এতিয়াৰ পৰাই চৰ্চালৈ আহিছে। একাংশ প্ৰতিবাদকাৰীক জধে-মধে জেললৈ প্ৰেৰণ কৰাত এতিয়াও ক্ষোভিত হৈ আছে চাবুৱাৰ সচেতন ৰাইজ। তদুপৰি অখিল গগৈক এটাৰ পিছত আন এটা গোচৰত অভিযুক্ত কৰি জেলত ৰখাই থোৱা বিষয় সমূহো চৰ্চালৈ আহিছে। বিধায়ক হাজৰিকাৰ গৃহত নিজ দলৰে লোকে অগ্নিসংযোগ কৰি জাতীয়তাবাদী শিবিৰক বদনাম কৰাত ক্ষোভিত চাবুৱাৰ ৰাইজ। ‘কা’ বিৰোধী আন্দোলনে ২০২১চনৰ নিৰ্বাচনত বিজেপি মিত্ৰ জোঁটক সহায় কৰিবনে ক্ষতি কৰিব সেয়া এতিয়াই অনুমান কৰিব নোৱাৰি। কিন্তু শাসক দলৰ বিধায়ক বিনোদ হাজৰিকাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ পঞ্জীভূত হৈ আছে। চাবুৱাত বিজেপি নে বিজেপি বিৰোধী শক্তিয়ে শেষ হাঁহি মাৰিব সেয়া ৰাইজে অনুমান কৰিব পাৰিছে। কিয়নো চাবুৱাত ৰাজনৈতিক বতাহজাক এতিয়াৰ পৰা একপক্ষীয় ভাৱে বলিবলৈ আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *